ডিজিটেল ডেস্কঃ ডিজিটেল ডেস্কঃ ৰোহিংগীয়া শৰনাৰ্থীক ওভতাই নিয়াৰ বাবে যো-জা চলাইছে ম্যানমাৰ চৰকাৰে৷ কিন্তু ইয়াৰ লগে লগে ম্যানমাৰ চৰকাৰে আৰোপ কৰিছে কিছু চৰ্তৰ৷ যাৰ বাবে চিন্তিত হৈ পৰিছে বাংলাদেশ চৰকাৰ৷
ম্যানমাৰত অনুষ্ঠিত দুয়ো দেশৰ এখন বৈঠকৰ অন্তত বাংলাদেশ চৰকাৰৰ মন্ত্ৰীসকলে এখন বিবৃতি যোগে বাংলাদেশত থকা ৰোহিংগীয়া শৰনাৰ্থীসকলক ম্যানমাৰে ওভতাই নিয়াৰ ক্ষেত্ৰত সন্মতি প্ৰকাস কৰাৰ লগতে, স্বাভাবিক পৰিস্থিতি ৰক্ষা কৰা আৰু নিৰাপত্তা প্ৰদান কৰাৰ বাবেও আশ্বাস দিয়ে বুলি প্ৰকাশ কৰে৷
কিন্তু ইয়াৰ পিছতেই মায়ানমাৰৰ মন্ত্ৰী সভাৰ মুখপাত্র টিন মাইন্টে কয়, সকলো শৰনাৰ্থীকেই তেওঁলোকে ওভতাই নিব, কিন্তু সকলো পৰীক্ষা-নিৰিক্ষাৰ পিছতহে৷ যদিহে কোনো অমিল পৰিলক্ষিত হয় তেনে লোকক ম্যানমাৰত কোনো স্থান দিয়া
নহব৷ উল্লেখযোগ্য যে, বাংলাদেশত বৰ্তমানে ৰোহিংগীয়া শৰনাৰ্থীৰ সংখ্যা প্ৰায় ছয় লাখৰ ঘৰ চুইছেগৈ৷ আমেৰিকায়ো লাখ লাখ শৰনাৰ্থী সকলক সাহায্য দিবলৈ অমান্তি হৈছে৷ সেয়ে ম্যানমাৰ চৰকাৰৰ ওপৰত ভাৰত আৰু বাংলাদেশ চৰকাৰে প্ৰবল হেচা দিয়াত ৰোহিংগী শৰনাৰ্থীক ওভতাই নিবলৈ সন্মত হয় ম্যানমাৰ চৰকাৰ৷