ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ৰে’লৱে ইনষ্টিটিউট ভবনত জাপানীজ এনকেফেলাইটিছ, ডেংগু আদি সংক্ৰামক ৰোগ সম্পৰ্কীয় এটি সজাগতা শিবিৰ অনুষ্ঠিত হৈ যায়। বৃহস্পতিবাৰে নিশা ৮ বজাত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে ৰে’লৱে চিকিৎসালয়ৰ মুখ্য চিকিৎসা বিষয়া ডঃ ৰামকেশ প্ৰশাদে।
প্ৰায় অৰ্ধশতাধিক লোক উপস্থিত থকা এই সজাগতা শিবিৰত ডঃ ৰামকেশ প্ৰশাদে জাপানীজ এনকেফেলাইটিছ, ডেংগু আদি ৰোগ সমুহৰ লক্ষণ, সাৱধানতা তথা প্ৰতিকাৰ সম্পৰ্কে বিশদ ব্যাখ্যা দাঙি ধৰে। অসীম ডেকাই আঁত ধৰা এই অনুষ্ঠানত ৰে’লৱে বিষয়া অনুপ শৰ্মা, ৰে’লৱে চিকিৎসক ডঃ নবনীতা দাস, সাংবাদিক চাহিন আহমেদ, সমাজ কৰ্মী আব্দুল ৰহিম, প্ৰমোদ কটকী, হেমন্ত কলিতা, ৱাহিদুৰ ৰহমানে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে, এই সজাগতা শিবিৰত ৰঙাপৰা মহাবিদ্যালয়ৰ "ৰাষ্ট্ৰীয় সেৱা আচনি"ৰ এটি দলে অংশগ্ৰহণ কৰি আলোচনাত ভাগ লয়।