newsnextone.com | ডিজিটেল ডেস্কঃ ৯ আগষ্টত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচন। ৰাজ্যসভাৰ নিৰ্বাচন এনডিএ বনাম কংগ্ৰেছ হৈ পৰে। কংগ্ৰেছে বুধবাৰে সাংসদ বী কে হৰিপ্ৰসাদৰ নাম ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে ঘোষণা কৰে। আনহাতে এনডিএৰ প্ৰাৰ্থী তথা জেডিইউৰ সাংসদ হৰি বংশই ইতিমধ্যে মনোনয়ন দাখিল কৰে। হৰিবংশই মনোনয়ন দাখিল কৰাৰ পিছতে সকলো এনডিএৰ দল একত্ৰিত হৈ থকা বুলি কয়।

সংখ্যাৰে চালে বিজেপিৰ নেতৃত্বৰ এনডিএ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰে চৰ্চা হৈছে। ইউপিএৰ প্ৰাৰ্থী হিচাপে মহাৰাষ্ট্ৰৰ এনচিপিৰ সাংসদ বন্দনা চবহানৰ নাম চৰ্চালৈ আহিছিল। কিন্তু বন্দনাৰ নাম সলনি কৰি কংগ্ৰেছ নেতা বী কে হৰিপ্ৰসাদৰ নাম ঘোষণা কৰে কংগ্ৰেছ নেতা আনন্দ শৰ্মাই।

জ্যেষ্ঠ কংগ্ৰেছ নেতা আনন্দ শৰ্মাই বীকে হৰিপ্ৰসাদৰ নাম ঘোষণা কৰে। নাম ঘোষণা কৰাৰ পিছতে হৰিপ্ৰসাদে তেওঁৰ নাম বহু চিন্তা কৰি ঘোষণা কৰা বুলি কয়। আমি সকলো বিৰোধী দলৰ সৈতে আলোচনা কৰিম আৰু ৰণনীতি সাজু কৰিম বুলি কয়। 

যদি ৰাজ্যসভাৰ সাংসদৰ সংখ্যাৰ গণিত চোৱা যায় তেন্তে আগবাঢ়ি আছে বিজেপি নেতৃত্বাধীন এনডিএ। ৰাজ্য সভাত এনডিৰ হাতত ১১৬গৰাকী সাংসদ আছে। ওড়িশাৰ বিজু জনতা দল চমুকৈ বিজেডিয়ে যদি সমৰ্থন দিয়ে ১২৩ গৰাকী হ'ব এনডিএৰ সাংসদৰ সংখ্যা। কিন্তু ১২৫ৰ পৰা ১২৮টা ভোটৰ প্ৰয়োজন হ'ব উপাধ্যক্ষ হ'বৰ বাবে। 

যদি বিজেডিয়ে বিজেপিক সমৰ্থন নকৰে তেন্তে এনডিএৰ প্ৰাৰ্থী হৰি বংশই পৰাজয় বৰণ কৰিব। বিজু জনতা দলৰ ওপৰত নিৰ্ভৰ কৰিছে বিজেপিৰ সকলো। ওড়িশাৰ মুখ্যমন্ত্ৰী তথা বিজু জনতা দলৰ নেতা নবীন পাটনায়কে শাৰদ পাৱাৰৰ সৈতে অনানুষ্ঠানিক আলোচনাত কংগ্ৰেছ তথা বিজেপিক ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে সমৰ্থন কৰা নাই যদিও পাটনায়কে নীতিশ কুমাৰৰ প্ৰাৰ্থীকহে সমৰ্থন কৰিব বুলি কয়।

এআইএমডিকে ১৩, বিজেডি ৯, ৱাই এছ আৰ কংগ্ৰেছ ২, শিৱসেনা ৩, অকালী দলৰ ৩জন সাংসদ আছে। যদি এই সকলো দলৰ সাংসদৰ ভোট লাভ কৰে তেন্তে এনডিএৰ প্ৰাৰ্থী হৰি বংশ ৰাজ্যসভাৰ উপাধ্যক্ষ হোৱাটো খাতাং। ৰাজ্যসভাত বিজেপিৰ ৭০ আৰু কংগ্ৰেছৰ ৫০ সাংসদ আছে। ইউপিএৰ হাতত এতিয়ালৈ ১১৮ ভোট আছে। আনহাতে আম আদমি পাৰ্টিৰো আছে ২জন সাংসদ।