newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ পূৱৰ এগৰাকী কন্যাই সাগৰত ২৫২ দিন অতিবাহিত কৰি উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ মণিপুৰৰ ১৫ বছৰ অনশন কৰি ইৰম চানু শৰ্মিলা, বক্সিঙৰ জগতৰ একছত্ৰী সম্ৰাট এম চি মেৰীকমৰ পিছত উত্তৰ পূৱ তথা মণিপুৰৰ আন এগৰাকী কন্যাই সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্ৱাঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাসত এক নতুন নজিৰ সৃষ্টি কৰি এখন যুদ্ধ জাহাজত ২৫২ দিন অতিবাহিত কৰে মণিপুৰৰ এছ বিজয়া দেৱীয়ে৷

নৌসেনাৰ এটি মহিলা দলৰ সৈতে এছ বিজয়া দেৱীয়ে ২০১৭ চনৰ ১০ ছেপ্টেম্বৰত যাত্ৰা আৰম্ভ কৰি ২১ মে’ত দেশত উপস্থিত হয়৷ সেই মূহুৰ্ত আছিল দেশৰ বাবে এক বিৰল আৰু গৌৰৱৰ মুহূৰ্ত৷ ২১ মে’ত কেৱল মহিলাই পৰিচালনা কৰা যুদ্ধ জাহাজ তাৰিণীয়ে ভ্ৰমণ সামৰি দেশলৈ উভতি আহে৷ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে তাৰিণীৰ সৈতে জৰিত থকা নৌ-সেনাৰ মহিলা বিষয়াক সাক্ষাৎ কৰে আৰু শুভেচ্ছা যাচে৷  ২০১৭ চনৰ ১০ ছেপ্তেম্বৰত যাত্ৰা কৰা আইএনএছভি তাৰিণী সোমবাৰে দেশলৈ উভতি আহে৷ ২৫২ দিনত ২১ হাজাৰ ৬০০ মাইল ভ্ৰমি সোমবাৰে গোৱাৰ তিৰত উপস্থিত হয় তাৰিণী৷

৫৫ ফুট দৈৰ্ঘ্যৰ তাৰিণী নেতৃত্ব দিছিল কৰ্ণেল ভাৰ্তিকা যোশীয়ে৷ ২৫২ দিনত জাহাজ খনে ৫টাকৈ বন্দৰ সামৰি লৈছিল৷ সম্পূৰ্ণ মহিলাই পৰিচালনা কৰা তাৰিণীত ৬ গৰাকী মহিলা ক্ৰু আছিল তাৰ সৈতে মণিপুৰৰ বিজয়া৷ বিজয়া সহ দলটোৱে দেশলৈ উভকি অহাৰ পিছত এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা বুলি নৌসেনাৰ মুখপাত্ৰ কেপ্টেইন ডি শৰ্মাই কয়৷ সমুদ্ৰত নানা বাধা অতিক্ৰম কৰাৰ প্ৰত্যাহ্বান আছিল বুলি কৈ আমি সফল বুলি কয়৷ মহিলা কামাণ্ডাৰ প্ৰতিভা জামওৱাল, স্বাতী পি, ঐশ্বৰ্য বোদ্দাপাট্টী, এছ বিজয়া দেৱী, পায়েল গুপ্তাই আছিল ক্ৰু হিচাপে৷

মণিপুৰৰ মুখ্যমন্ত্ৰী বিৰেণ সিঙে আইএনএছভি তাৰিণীৰ মহিলা ক্ৰিউ সকলৰ অভিনন্দন জ্ঞাপন কৰে৷ মণিপুৰৰ পৰা গৈ দেশৰ প্ৰথমখন মহিলাই পৰিচালনা কৰা জাহাজত স্থান লাভ কৰা এছ বিজয়া দেৱীক অভিনন্দন জনাই বিৰেণ সিঙে কয় যে এয়া মণিপুৰৰ বাবে এক গৌৰৱ৷ 

উল্লেখ্য যে, এই অভিযানৰ নাম দিয়া হৈছিল ‘নবিকা সাগৰ পৰিক্ৰমা’৷ জাহাজ খনে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ফকলেণ্ড, দক্ষিণ আফ্ৰিকা, মৰিচাচ ভ্ৰমণ কৰে৷