অনুবাদ সাহিত্যৰ বাবে দিগন্ত বিশ্ব শৰ্মালৈ স্বিকৃতি
বড়োভাষাৰ বাবে কামেশ্বৰ ব্ৰহ্মলৈ স্বিকৃতি

ডিজিটেল ডেস্ক,২০ ছেপ্টেম্বৰঃ ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি বটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে অসমীয়া–বড়ো সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ আগবাঢ়োৱা বিশিষ্ট লেখক, চিন্তাবিদ ড°দিগন্ত বিশ্ব শর্মা আৰু ড০ কামেশ্বৰ ব্রহ্মই৷

‘ভাৰতীয় সংস্কৃতিৰ ভিত্তি’ শীর্ষক অসমীয়া ভাষাত অনূদিত গ্রন্থখনৰ বাবে এই সন্মান অর্জন কৰিলে বিশিষ্ট লেখক ড° দিগন্ত বিশ্ব শৰ্মাই৷ শ্রীঅৰবিন্দৰ দ্বাৰা ইংৰাজী ভাষাত ৰচিত ‘দ্য ৰেনেছাঁ ইন ইণ্ডিয়া এণ্ড আদাৰ এছেজ অৱ ইণ্ডিয়ান কালচাৰ’ শীর্ষক গ্রন্থখন অসমীয়ালৈ অনুবাদ কৰিছিল দিগন্ত বিশ্ব শর্মাই৷

ইফালে বড়ো ভাষাৰ বাবে ২০২০ বর্ষৰ অনুবাদ সাহিত্য অকাডেমি বঁটাৰে এইবাৰ সন্মানিত হ’ল বড়ো সাহিত্য সভাৰ প্রাক্তন সভাপতি পদ্মশ্রী ড০ কামেশ্বৰ ব্রহ্ম৷ ২০০৮ চনৰ পৰা কেইবাটাও কার্যকাল বড়ো সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰা ড০ কামেশ্বৰ ব্রহ্মৰ ‘গিবি ভাৰত নি জাৰিমিন’ নামৰ অনূদিত গ্রন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে৷