ষড়ানন বৰা, চামগুৰিঃ যুগ-যুগ ধৰি হিন্দু-মুছলমানৰ ঐক্য-সম্প্ৰতিৰ বৰঘৰ স্বৰূপ নগাঁৱৰ পুৰণিগুদামত আজিও অক্ষত অৱস্থাত আছে ইতিহাসৰ বহুবোৰ আপুৰুগীয়া সমল।

নগাঁৱৰ পুৰণিগুদামত আজিও অক্ষত হৈ আছে এফালে যিদৰে ব্ৰহ্মচাৰি সত্ৰত আহোম স্বৰ্গদেৱে প্ৰদান কৰা প্ৰায় তিনিশ বছৰীয়া তামৰ ফলি, ঠিক একেদৰে প্ৰায় ১১৭ বছৰ গৰকা বৰ মছজিদৰ ঐতিহাসিক মিনাৰটো। ইয়াৰ মাজতে আৰু দুপদ পৌৰাণিক বস্তুক এপলক চাবৰ বাবে উৎকণ্ঠিত ৰাইজে প্ৰায়ে ভিৰ কৰেহি পুৰণিগুদামৰ মাজগাঁৱৰ এটা বিশেষ পৰিয়ালৰ বাসগৃহত। 

সেই সামগ্ৰী কেইভাগ আন একো নহয়, চৈয়দ মুজিৰুল হুছেইনৰ ঘৰত থকা পিতৃপ্ৰদত্ত আজান পীৰ চাহাবৰ তজবী আৰু আজান পীৰে নিজৰ হাতে লিখা চিলচিলা তথা বংশবৃক্ষ। এই দুপদ পৌৰাণিক সম্পদ ১৯১৬ চনতে মুজিৰুল হুছেইনৰ পিতৃ প্ৰয়াত নুৰুল হুছেইনক দি থৈ গৈছিল তেখেতৰ পিতৃ চৈয়দ মহম্মদ হাছানে। 

প্ৰচলিত আছে যে মৃত্যুৰ পূৰ্বে ফকিৰ আজান পীৰে তেওঁৰ প্ৰিয় শিষ্য তথা মুজিৰুল হুছেইনৰ এজন পূৰ্বপুৰুষক প্ৰদান কৰিছিল তজবী ডাল আৰু তেতিয়াৰপৰাই মুজিৰুলৰ পৰিয়ালে সাত পুৰুষ ধৰি চামে-চামে সংৰক্ষণ কৰি আহিছে অদৃশ্য শক্তিৰে ভৰা তজবী ডাল। 

উল্লেখযোগ্য যে, বহু বছৰৰ পূৰ্বে শিৱসাগৰ নাজিৰাৰপৰা মুজিৰুল হুছেইনৰ ককাকে ইছলাম ধৰ্ম আৰু জিকিৰ-জাৰি প্ৰচাৰৰ বাবে আহি নগাঁৱৰ পুৰণিগুদামত নিগাজীকৈ বসবাস কৰিবলৈ লোৱাৰ বাবেহে এই ঐতিহাসিক তজবীডাল তথা চিলচিলাখন আজিও পৰিয়ালটোৰ তত্ত্বাবধানত সংৰক্ষিত হৈ আছে পুৰণিগুদামত। 

ইফালে এই ঐতিহাসিক তজবীডাল চাবলৈ অথবা এই ডাল লৈ নিজৰ ইষ্টজনক দোৱা কৰিবলৈ অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন জাতি-ধৰ্ম-বৰ্ণ, ভাষা-ভাষীৰ লোকে প্ৰায়ে ভিৰ কৰেহি পুৰণিগুদাম মাজগাঁৱৰ বিশেষ ঘৰখনত।

প্ৰবাদ আছে প্ৰথমে স্নান কৰি পৱিত্ৰ মনৰে পীৰৰতজবী ডাল হাতত লৈ দোৱা বা আৰাধনা কৰিলে মনৰ সৎ অভিষ্ট সিদ্ধি হয় ভক্ত সকলৰ। অৱশ্যে স্বনামধন্য প্ৰয়াত সাহিত্যিক চৈয়দ আব্দুল মালিকেও বিশেষ স্থানত প্ৰদৰ্শন কৰিবৰ বাবেও আজান পীৰ চাহাবৰ তজবীডাল গুৱাহাটীলৈ লৈ গৈছিল বুলি জানিবলৈ দিয়ে মুজিৰুলৰ পৰিয়ালটোৱে।