♦ ভুৱা পৰিচয়ৰে আপত্তি দাখিলৰ ষড়যন্ত্ৰত এনআৰচি কৰ্মচাৰী জড়িত থকাৰ গুৰুতৰ অভিযোগ বিধায়কজনৰ

ষড়ানন বৰা, চামগুৰিঃ শুকুৰবাৰে চামগুৰিত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাক চোকা সমালোচনাৰে তুচ্ছ-তাচ্ছিল্য কৰিলে ধিঙৰ বিধায়ক আমিনুল ইছলামে।

এনআৰচি প্ৰক্ৰিয়াত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰি বিধায়কজনে কয় যে একাংশই যড়যন্ত্ৰমূলকভাৱে ভুৱা পৰিচয়ে এনআৰচিত আপত্তি দাখিল কৰি ৰাজ্যৰ বহু সংখ্যক লোকক, পৰিয়ালক অযথা হাৰাশাস্তি কৰি সমগ্ৰ এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াটো বিলম্ব কৰাৰ অপচেষ্টা চলাইছে।

ইয়াৰদ্বাৰা একাংশ নেতৃস্থানীয় লোকৰ নিজৰ স্বাৰ্থ তথা ৰাজনৈতিক স্বাৰ্থও পূৰণ হোৱাত সহায় হ’ব। ইয়াৰ প্ৰতিবাদতে শুকুৰবাৰে দুপৰীয়া বিধায়ক আমিনুল ইছলামসহ কলিয়াবৰ জিলা এআইইউডিএফ-ৰ দুই শতাধিক নেতা-কৰ্মী সমবেত হৈ চামগুৰি তিনিআলিৰপৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় পৰ্যন্ত বাহিৰ কৰে এক প্ৰতিবাদী সমদল। 

ইফালে কোনো এক পক্ষৰ প্ৰৰোচনাত পৰি এনআৰচি-ৰ প্ৰক্ৰিয়াৰে জড়িত হৈ থকা কৰ্মচাৰীয়েই ভূৱা পৰিচয়ৰে ৰাজ্যৰ বহুবোৰ স্থানত এচাম দৰিদ্ৰ লোকৰ বিৰুদ্ধে এনআৰচি-ত আপত্তি দাখিল কৰা বুলি প্ৰতিবাদস্থলীতে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে বিধায়কজনে।

লগতে সেই ষড়যন্ত্ৰকাৰী এনআৰচিৰ কৰ্মচাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰী পক্ষক দাবী জনায় বিধায়ক আমিনুল ইছলামে। এই সমূহ বিষয়ৰ সন্দৰ্ভত চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হোৱা প্ৰতিবাদকাৰীসকলৰ হৈ বিধায়ক আমিনুল ইছলামে ৰাজহ চক্ৰ বিষয়াজনক প্ৰদান কৰে স্মাৰক-পত্ৰ।

উল্লেখযোগ্য যে, ৪০ বছৰ ধৰি আছুৰ লগতে কেইবাটাও সংগঠনে বিদেশী সমস্যাৰ নামত হাজাৰ-কোটি টকা সংগ্ৰহ কৰি আজীৱন চান্দা-বৰঙণিৰ ব্যৱসায় চলাই থাকিবৰ বাবে এনআৰচি প্ৰক্ৰিয়াক বিলম্ব তথা ভুৱা আপত্তিৰ ব্যৱস্থা কৰি এখন নাটক ৰচিছে বুলি আমিনুল ইছলামে তীব্ৰ ভাষাৰে আছুক কটাক্ষ কৰা দেখা যায়।

লগতে কংগ্ৰেছ-বিজেপি প্ৰত্যকেই বিদেশী সমস্যা সমাধান নকৰি ভোট বেংকৰ ৰাজনীতিৰে দীৰ্ঘদিনীয়া বিদেশী সমস্যাটো জীয়াই ৰখাৰ চেষ্টা কৰাৰ বাবেই শুকুৰবাৰে ৰকিবুল হুছেইনৰ দৰে এজন কংগ্ৰেছী নেতাৰ গৃহ সমষ্টিতে বিধায়ক গৰাকী প্ৰতিবাদমুখৰ হৈছে বুলি আমিনুল ইছলামে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

অৱশ্যে ধিঙৰ বিধায়ক আমিনুল ইছলামে আছুৰ দৰে এটা জাতীয় সংগঠনক চামগুৰিত ৰাজহুৱাকৈ কৰা এনে তুচ্ছ-তাচ্ছিল্যক পৰৱৰ্তী সময়ত আছু নেতৃত্বই কেনেদৰে প্ৰত্যুত্তৰ দিব ই অতিশয় লক্ষণীয় হ’ব।