ষড়ানন বৰা, চামগুৰিঃ নগাঁও-কাৰ্বি আংলং সীমান্তত এতিয়া সঘনাই সংঘটিত হবলৈ ধৰিছে বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা।

কিছুদিন পূৰ্বে চামগুৰিৰ কঠালগুৰিত হাতে হাতে মৰাণাস্ত্ৰ লৈ দুৰ্বৃত্তৰ এটা দলে ডকাইতি-কাণ্ড সংঘটিত কৰাৰ পাছতেই পুনৰ শনিবাৰে নিশা আন এক চাঞ্চল্যকৰ ডকাইতি-কাণ্ড সংঘটিত হয় নগাঁও কাৰ্বি আংলং সীমান্তত। 

নগাঁৱৰ চামগুৰিৰ সমীপৱৰ্তী আঞ্জুপানী আৰক্ষী চকীৰ অন্তৰ্গত অতি দুৰ্গম পাহাৰীয়া এলেকা পানীমূৰাত সংঘটিত এক ডকাইতি-কাণ্ডই এতিয়া পুনৰ আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। পানীমুৰাৰ স্থানীয় বাসিন্দা যুৱৰাজ বে' নামৰ লোকজনৰ ঘৰত নিশা ডকাইতৰ এটা দলে অৰ্তকিতে প্ৰৱেশ কৰি এক লোমহৰ্ষক ডকাইতি-কাণ্ড সংঘটিত কৰে।

হাতত মৰণাস্ত্ৰ লৈ প্ৰৱেশ কৰা ডকাইতৰ দলটোৰ আক্ৰমণত যুৱৰাজ বে' নামৰ লোকজন গুৰুতৰভাৱে আহত হয়। ইয়াৰোপৰি যুৱৰাজ বে'ৰ ঘৰৰ ভিতৰতেই হস্তনিৰ্মিত বন্দুকেৰে গুলীচালনা কৰি ডকাইতৰ দলটোৱে ভয়-ভাবুকি দিয়াৰ চেষ্টা কৰে।

পাছত ডকাইতৰ দলটোৱে যুৱৰাজ বে'ৰ ঘৰৰপৰা এখন এল্ট' বাহন বলপূৰ্বকভাৱে কাঢ়ি লৈ উধাও হয়। লগতে দলটোৱে লোকজনৰ ঘৰৰপৰা লুটি নিয়ে এটা LCD, সাঁচতীয়া ধনকে ধৰি কেইবাপদো যাৱতীয় সা-সম্পত্তি। 

পৰৱৰ্তী সময়ত নিশাই ডকাইতৰ দলটোৰ সৈতে চামগুৰি আৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত ডকাইতৰ দলটোৱে এল্ট' বাহনখন এৰি পলায়ন কৰে। সম্প্ৰতি এল্ট বাহনখন চামগুৰি আৰক্ষীৰ জিম্মাত আছে।

উল্লেখযোগ্য যে, চামগুৰিৰ আৰু আঞ্জুপানীৰ দৰে দুখন আৰক্ষী থানা থকাৰ পাছতো চামগুৰিৰ লগতে ইয়াৰ পাশ্বৱৰ্তী অঞ্চলসমূহত আচলতে কিদৰে সঘনাই এনেধৰণৰ ঘটনা সংঘটিত হ’বলৈ পাইছে ইয়াক লৈও চলিছে তীব্ৰ চৰ্চা।