ষড়ানন বৰা, চামগুৰিঃ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ চৰকাৰৰ উপেক্ষিত এটা বৃহত্তৰ অঞ্চল। পুনৰাই অঞ্চলটোত আৰম্ভ হোৱা প্ৰৱল গৰাখহনীয়াৰ বাবে এতিয়া সমূলঞ্চে নিশ্চিহ্ন হোৱাৰ উপক্ৰম ঘটিছে একমাত্ৰ গাঁওখন। হাহাকাৰ লাগিছে গাঁওখনত ৰৈ যোৱা শেষৰকেইটা পৰিয়ালৰ লোকৰ মাজত।
গাঁওখন আন কোনো নহয়, শোণিতপুৰ জিলাৰ অন্তৰ্গত তথা চামগুৰিৰ নিকটৱৰ্ত্তী বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰক্ষাকবচ স্বৰূপ অন্তিমখন গাঁও ধনীয়াগাঁও। ২০১২ চনৰপৰা আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ক্ৰমশ ২০১৮ চনত বৃদ্ধি পাই ভয়াৱহ ৰূপ ধৰণ কৰাত বুঢ়াচাপৰি অঞ্চলৰপৰা নিঃশেষ হৈ গ'ল শিশুআটি, ঝাৰণিকৈ আদি কৰি দুখনকৈ সৰু-বৰ গাঁও, নিশ্চিহ্ন হৈ গ'ল বহুবোৰ চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, সৰ্বস্বান্ত হ'ল প্ৰায় সহস্ৰাধিক পৰিয়াল।
এই বছৰো ব্যাপকভাৱে আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এতিয়া সম্পূৰ্ণৰূপে নিশ্চিহ্ন কৰাৰ উপক্ৰম কৰিছে বাকী থাকি যোৱা ধনীয়া গাঁওখন, বাকী থকা প্ৰায় দুকুৰি পৰিয়ালৰ ঘৰ-বাৰি, মাটি-ভেটি, হাহাকাৰ লাগিছে এই পৰিয়ালকেইটাৰ মাজত।
এই বছৰ বহাগতে আৰম্ভ হোৱা ব্যাপক খহনীয়াই যে আগন্তুক বাৰিষাৰ শেষলৈ নিশ্চিহ্ন কৰিব ধনীয়া গাঁও এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে বুঢ়াচাপৰিবাসীৰ বাবে।
এই অন্তিমখন গাঁও ব্ৰহ্মপুত্ৰই লৈ যোৱাৰ লগে-লগে চূড়ান্ত ভাবুকি নামি আহিব কাষতে লাগি থকা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যখনলৈও।
উল্লেখযোগ্য যে, শোণিতপুৰ জিলাৰ অন্তৰ্গত গাঁও হৈও ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে অৱস্থিত হোৱাৰ হেতুকে অঞ্চলটো চৰকাৰীভাৱেও উপেক্ষিত হোৱা অভিযোগ তুলিছে স্থানীয় ভুক্তভোগি ৰাইজে। মথাউৰি নিৰ্মাণ তথা বছৰ-বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া বৃহত্তৰ অঞ্চলটোত অব্যাহত থকা গৰাখহনীয়া ৰোধ কৰিবৰ বাবে চৰকাৰী আঁচনিতো দূৰৈৰে কথা, আজি প্ৰৰ্যন্ত দুৰ্দশাগ্ৰস্ত গাঁওখনত উপস্থিত হোৱা মন্ত্ৰী-বিধায়ক, আমোলা-বিষয়া আঙুলিৰ আগত গণিব পৰা।
এনেদৰে চৰকাৰীভাৱে অৱহেলিত হোৱাৰ বাবেই সম্প্ৰতি বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তিম ৰক্ষাকবচ স্বৰূপ ধনীয়া গাঁওখনো নিশ্চিহ্ন হ’বলৈ গৈ আছে বুলি ক্ষোভ উজাৰিলে গাঁওখনৰ সমূহ ৰাইজে।
এতিয়া চৰকাৰী ব্যৱস্থাৰ প্ৰতি গাঁওখনৰ ৰাইজে আশা কৰাৰ বিপৰীতে ক্ৰমশঃ কালন্তক ৰূপ ধাৰণ কৰা মহাবাহুলৈ অসহায় দৃষ্টিৰে চাই কেৱল মনতে ধিৰাইছে যেন ইমানতেই অন্ত পৰি শেষৰক্ষা হয় ধনীয়া গাঁও বাকী থকা পৰিয়াল কেইটিৰ।