ষড়াণন বৰা, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ আগশাৰীৰ শিক্ষানুষ্ঠান পুৰণিগুদাম বিদ্যানিকেতনত শনিবাৰে বিয়লি এখন অভিভাৱক সন্মিলন অনুষ্ঠিত হয়।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পুনানন্দ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কেইবাজনো অভিভাৱকে বিদ্যালয়ৰ শৈক্ষিক দিশত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়।

বিশেষকৈ ২০২০ চনত এই বিদ্যালয়খনে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিব। এই উপলক্ষে ৰূপালী জয়ন্তী উৎসৱ কেনেদৰে পালন কৰা হ’ব সেই বিষয়ত বিশেষভাৱে আলোচনা কৰা হয়। ইয়াৰ উপৰিও বিদ্যালয়খনৰ অভিভাৱকসকলে দীৰ্ঘদিন ধৰি অভাৱ অনুভৱ কৰি অহাত এখন অভিভাৱক সমিতি সৰ্বসন্মত সিদ্ধান্তমৰ্মে গঠন কৰা হয়।

সভাত বসন্ত কৌশিক ভাগৱতীক সভাপতি, তপন কটকীক সম্পাদক, দেৱকান্ত বনিয়াক সহকাৰী সম্পাদক হিচাপে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও শান্তনা শৰ্মা, তিলক গায়ন, অনামিকা বৰা, মৌচুমী বৰা, প্ৰদীপ বৰা, হবিবুৰ ৰহমান, পুষ্পেন্দ্ৰ গায়ন, দিলীপ দাস, বিপুল কুমাৰ বৰা আৰু সঞ্জীৱ বৰুৱাক কাৰ্যকৰী সদস্য হিচাপে লৈ এখন অভিভাৱক সমিতি গঠন কৰা হয়।

এই সমিতি গঠন আৰু ৰূপালী জয়ন্তী সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত হোৱা সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সমবেত সংগীত পৰিৱেশন কৰে। সভাৰ উদ্দেশ্য বাখ্যা কৰে বিদ্যালয়ৰ শিক্ষয়িত্ৰী কবিতা বৰা কলিতাই। সভাত বিদ্যালয়ৰ ৰেক্তৰ ৰোহিনী ভূঞা, প্ৰধান শিক্ষয়িত্ৰী জিনু বৰা, জ্যেষ্ঠ শিক্ষক সত্যমোহন শৰ্মা, প্ৰভাত চন্দ্ৰ বৰা আৰু কবি বসন্ত কৌশিক ভাগৱতী উপস্থিত থাকে।

সভাত বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ তিনিশতাধিক অভিভাৱক-অভিভাবিকা উপস্থিত থাকে।