চামগুৰিঃ নগাঁৱৰ গোমোঠাগাঁও আৰু নৰ্টমগাঁৱৰ মাজত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে পুৱতি নিশা এখন তেল পৰিবাহী টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাত সমগ্ৰ অঞ্চল জুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে।
আনুমানিক ২০ হাজাৰ লিটাৰ পেট্ৰ’ল কঢ়িয়াই টেংকাৰখন নুমলীগড়ৰপৰা মাইবঙৰ দিশে গৈ থকা অৱস্থাতে বিপৰীতমুখী এখন অচিনাক্ত বাহনে অগা-দেৱা কৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো।
দুৰ্ঘটনাগ্ৰস্ত তেল পৰিবাহী টেংকাৰখনৰপৰা পথৰ দাঁতিত অবিৰতভাৱে নিগৰি থকা তেলৰপৰা অতি ভয়ংকৰ দুৰ্ঘটনাত হোৱাৰ শংকাত সময় পাৰ কৰিছে স্থানীয় ৰাইজে। পাছত অৱশ্যে ঘটনাস্থলীত যান-বাহন আৰক্ষী অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় যদিও একাংশলোকে আৰক্ষীৰ বাধাকো নেওচি দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰপৰা তেল নিবলৈ হেতা-ওপৰা লগোৱাও দেখা পোৱা গৈছে।
ইফালে একাংশ পথাচাৰিয়ে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰপৰা ঘটনাস্থলিতে নিজৰ বাইকত তেল ভৰাই লৈ অৱশেষত বাইকখন ৰচীৰে টানি নিয়াৰো এক হাস্যকৰ দৃশ্যও বন্দি হ'ল সাংবাদিকৰ কেমেৰাত।