চামগুৰিঃ ৰাজ্য চৰকাৰৰ "অসম দক্ষতা বিকাশ অভিযান"ৰ অধীনত "তাৰাৱতী ডেভেলপমেন্ট ফাউণ্ডেশ্যন"ৰ উদ্যোগত নগাঁও পুৰণিগুদামত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ল বিশেষভাৱে সক্ষম লোক সকলক বিভিন্ন ক্ষেত্ৰত দক্ষতা বিকাশৰ বাবে এটি বিশেষ প্ৰশিক্ষণৰ কেন্দ্ৰ।
পুৰণিগুদামস্থিত পাৰঘাট মজলীয়া বিদ্যালয়ৰ এটি পৰিত্যক্ত গৃহক পুনৰ মেৰামতি কৰি বৃহত্তৰ নগাঁও জিলাৰ বিভিন্ন ঠাইৰ প্ৰায় নব্বৈ জনকৈ বিশেষভাৱে সক্ষম লোকক একেলগে সংগঠনটোৱে বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰাপ্ত কৰাৰ প্ৰচেষ্টা হাতত লৈছে যাতে বিশেষভাৱে সক্ষম প্ৰশিক্ষণাৰ্থী সকল জীৱন বাটত পৰনিৰ্ভৰশীল নহৈ পৰৱৰ্তী সময়ত আত্মনিৰ্ভশীল হৈ উঠিব পাৰে।
পুৰণিগুদামৰ পাৰঘাটত স্থানীয় সমাজকৰ্মী তথা কীৰ্ত-শিক্ষক হেমকান্ত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত শুভাৰম্ভ অনুষ্ঠানটোত উপস্থিত আছিল বহিঃৰাজ্যৰ এজন জ্যেষ্ঠ স্বয়ংসেৱকৰ লগতে শতাধিক বিশেষভাৱে সক্ষম লোক সহ অঞ্চলটোৰ বহু সংখ্যক স্থানীয় ৰাইজো। আগন্তুক দুবছৰ ধৰি বিশেষভাৱে সক্ষম প্ৰশিক্ষণাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ পৰিকল্পনা কৰা তাৰাৱতী ডেভেলপমেন্ট ফাউণ্ডেশ্যন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ মুখ্য তত্বাৱধায়ক ভূপেন গায়নে অতি শীঘ্ৰে পাৰঘাট বিদ্যালয়খনত সংস্থাপিত কেন্দ্ৰটোত পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে অনুষ্ঠিত সভা খনত।
ইফালে, দক্ষতাসম্পন্ন প্ৰশিক্ষণপ্ৰাপ্ত সক্ষম প্ৰশিক্ষণাৰ্থীসকলক প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত পাৰদৰ্শিতা দেখুৱা বিভিন্ন ক্ষেত্ৰত নিয়োজিত কৰাৰো প্ৰচেষ্টা হাতত লোৱা হ’ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰটোৰ প্ৰশিক্ষক গৰাকীয়ে। আগন্তুক দিনত এই বিশেষ প্ৰশিক্ষণে আৰ্থিক তথা সামাজিক দিশত আগবাঢ়ি যাবৰ বাবে বহুলভাৱে বিশেষভাবে সক্ষম লোকসকলক সহায় কৰিব বুলি আশাবাদী উদ্যোক্তা সকলৰ লগতে অনুষ্ঠানটোত উপস্থিত ৰাইজ।