ডিজিটেল ডেস্কঃ ০৪ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা কমনৱেলথ গেমছত ভাৰতৰ চাইকাম মীৰাবাই চানুৰ পিছত সোণৰ পদক লাভ কৰিলে সঞ্জিতা চানুৱে৷ কমনৱেলথ গেমছত ভাৰতৰ হৈ দ্বিতীয়টো সোণৰ পদক আজুৰি আনিলে সঞ্জিতা চানুৱে৷ 

এতিয়ালৈ তিনিটা মেডেল আহিল ভাৰতলৈ৷ মহিলাৰ ৫৩ কেজি ভাৰ বৰ্গত এই মেডেল লাভ কৰে সঞ্জিতা চানুৱে৷ সঞ্জিতাই মুঠ ১৯২ কেজি ভাৰ উঠাই এই খিতাপ লাভ কৰে৷ 

কানাডাৰ ৰেচাল লেবাংগে ১৮২ কেজি ভাৰ দাঙি সীমাবদ্ধ থাকে৷ কবলৈ গলৈ কমনৱেলথ গেমছত ভাৰতৰ মহিলাৰ দপদপনি অব্যাহত আছে৷ এইবাৰৰ কমনৱেলথ গেমছত এতিয়ালৈ দুটা সোণৰ পদক আহিছে দুয়োটা মহিলা খেলুৱৈ আনিছে৷ 

ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক আজুৰি আনিলে মীৰাবাই চানুৱে৷ মহিলাৰ ৪৮ কেজি ভাৰত্তোলনত মীৰাবাই চানুৱে স্বৰ্ণ পদক লাভ কৰে৷