ডিজিটেল ডেস্কঃ দেশৰ ইতিহাসত নজিৰ সৃষ্টি কৰি দেশৰ সৰ্বোচ্চ আদালতৰ চাৰিগৰাকী জ্যেষ্ঠ ন্যায়াধিশে শুকুৰবাৰে অনুষ্ঠিত কৰিলে এখন সংবাদমেল৷ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ জে চেলামেশ্বৰ, বি মদন লুকুৰ, কুৰিয়াণ যোচেফ আৰু ৰঞ্জন গগৈয়ে সংবাদ মেল অনুষ্ঠিত কৰি প্ৰশ্ন উত্থাপন কৰিলে উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনৰ বিৰুদ্ধে৷ চাৰিওগৰাকী ন্যায়াধীশে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ৰ আভ্যন্তৰীণ প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে৷

শুকুৰবাৰে এক অসাধৰণ পৰিৱেশ দেখা গ’ল দেশত৷ দেশৰ ইতিহাসত প্ৰথম বাৰৰ বাবে দেশৰ উচ্চতম ন্যায়ালৰ ন্যায়াধীশে সংবাদ মেল অনুষ্ঠিত কৰি আভ্যন্তৰীণ প্ৰশাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে৷ ন্যায়মূৰ্তি জে চেলামেশ্বৰ আৰু তিনিগৰাকী জ্যেষ্ঠ ন্যায়াধীশে ন্যায়তন্ত্ৰৰ সৈতে জড়িত বিভিন্ন বিষয়ত সংবাদ মেল যোগে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে৷ ন্যায়াধীশ জে চেলামেশ্বৰৰ বাস ভৱনত অনুষ্ঠিত হয় সংবাদমেল খন৷

উচ্চতম ন্যায়ালয়ৰ দ্বিতীয়গৰাকী জ্যেষ্ঠ ন্যায়াধীশ চেলামেশ্বৰে কয় "আমাক ২০ বছৰৰ পিছত যাতে কোনোৱে নকওঁক যে ৪গৰাকী জ্যেষ্ঠ ন্যায়াধীশে দেশৰ আত্মা বিক্ৰী কৰিলে৷ যাৰ বাবে আমি সংবাদ মাধ্যমৰ সৈতে কথা পাতিবলৈ সিদ্ধান্ত ললো" ৷

ভাৰতৰ লগতে যিকোনো দেশৰ উচ্চতম ন্যায়ালয়ৰ দৰে সংস্থাই ভাল দৰে কাম নকৰিলে গণতন্ত্ৰ বিঘ্নিত হ’ব৷ তেওঁ আৰু কয় যে "আমি এই বিষয় সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ সৈতে আলোচনাত মিলিত হৈছিলো যদিও তেওঁ আমাৰ কথা নুশুনিলে৷ উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনে ভালদৰে কাম কৰা নাই৷ এনে বহু ঘটনা ঘটিছে যিবোৰ ঘটনা ঘটিব নালাগিছিল"৷

আনহাতে সংবাদমেলত চেলামেশ্বৰে বহু সময়ত উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনত নঘটিবলগীয়া কাণ্ড সংঘটিত হোৱা বুলিও গভীৰ অভিযোগ উত্থাপন কৰে৷ উল্লেখনীয় যে, ২৩ জুন ১৯৫৩ চনত অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাত জন্ম গ্ৰহণ কৰিছিল ন্যায়াধিশ জে চেলামেশ্বৰে৷

কেৰালা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি গৈছিল৷ ২০০৭ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে যোগদান কৰিছিল চেলামেশ্বৰে৷ তেওঁ ২০১১ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত লয়৷ আধাৰ কাৰ্ড, ব্যক্তিৰ স্বাধীনতা, ন্যায়াধীশৰ আৰু নিযুক্তিৰ সন্দৰ্ভত নেচনেল জুডিচিয়েল এপইনমেন্ট কমিচন সন্দৰ্ভতো নিৰ্ভীক মন্তব্য আগবঢ়ায় চেলামেশ্বৰে৷