নলবাৰীঃ শ্বেখ চান্দ মহম্মদ শনিবাৰে পুৱতি নিশা ৩:৩০ বজাত গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৭৯ চনৰপৰা ১৯৮৬ চনলৈ অসম বিধানসভাৰ অধ্যক্ষৰ পদত আছিল চান মোহাম্মদ। ১৯৭৮ চনত জনতা পাৰ্টিৰ হৈ বৰক্ষেত্ৰী সমষ্টিৰপৰা ২৪,৭১৭ টা ভোট আৰু ১৯৮৩ চনত কংগ্ৰেছ দলৰপৰা ৭,৬৩১ টা ভোট লাভ কৰি বিজয়ী হৈছিল চান্দ মহম্মদ।
বিধানসভাৰ প্ৰাক্তন অধ্যক্ষজনৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল, বৰপেটাৰ প্ৰাক্তন সাংসদ মৌলানা চিৰাজ উদ্দিন আজমল, যমুনামুখৰ বিধায়ক আব্দুৰ ৰহমান আজমল, অসম গন পৰিষদৰ হোজাই জিলাৰ সভাপতি ৰেজাউল কৰিম চৌধুৰী, কংগ্ৰেছৰ বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিন, হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানা, কংগ্ৰেছৰ সংখ্যালঘু মৰ্চাৰ সভানেত্ৰী তথা হোজাই বাৰ এছোচিয়েচনৰ সভানেত্ৰী ৰোহিনা ৱাৰিছ।
এ আই ইউ ডি এফৰ হোজাই জিলাৰ সভাপতি হেলাল উদ্দিন, আমছুৰ কেন্দ্ৰীয় সমিতিৰ মনোৱাৰ হুছেইন, গিয়াছ উদ্দিন তাফাদাৰ, হোজাই জিলা সমিতিৰ কবিৰ হুছেইন লস্কৰ, লুতফুৰ ৰহমান বড় লস্কৰ, ফাহিম আহমেদ মজুমদাৰ, হাম হস্পিটেলৰ ন্যায়ৰক্ষী শ্বাহিদ উদ্দিন, প্ৰশাসনিক বিষয়া মানিক তালুকদাৰ, আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলাম, প্ৰৱন্ধক এম আৰ এইচ আজাদ, হাম হস্পিটেল কৰ্তৃপক্ষ, নীলবাগান প্ৰেছ ক্লাৱৰ সম্পাদক মাহমুদ আলী, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ হোজাই জিলা সমিতি, নৱজ্যোতি সমাজ সেৱক সংস্থা, প্ৰগতিশীল জনমঞ্চ, গুৱাহাটী, আমছুৰ নীলবাগান আঞ্চলিক সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হোজাই জিলা সমিতিৰ ৰুবুল আহমেদ, আছুৰ আলম হুছেইন, অসম সাহিত্য সভাৰ নীলবাগান শাখা সমিতি, মৰ্কজুল মা আৰিফ হোজাইকে ধৰি বিভিন্ন দল সংগঠন আৰু ব্যক্তিবিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।