জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলাৰ শেনচোৱাত শুকুৰবাৰে বিয়লি এখন এল্ট' গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে। জানিব পৰা মতে, নগাঁও চহৰৰপৰা ৰহা অভিমুখে আহি থকা এল্ট' গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত সোমাই পৰে। 

ফলত গাড়ীখনৰ চালকৰূপে থকা আৰক্ষী বিষয়া শশীকান্ত বৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ তেওঁক অতি সংকটজনক অৱস্থাত পুখুৰীৰপৰা স্থানীয় ৰাইজে উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

উল্লেখ্য যে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই ঠাইখিনিত ইতিপূৰ্বে বহুকেইটা দূৰ্ঘটনা সংঘটিত হৈ আহিছে। পথৰ প্ৰায় মাজত থকা বিদ্যুতৰ খুঁটাবোৰ স্থানান্তৰিত নকৰাৰ ফলত পথৰ কাষত সৰু-বৰ বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে। ৰাইজে পথৰ মাজৰপৰা বিদ্যুতৰ খুঁটাবোৰ অতিশীঘ্ৰে স্থানান্তৰিত কৰাৰ দাবী জনাইছে।