newsnextone.com | ডিজিটেল ডেস্কঃ পাহাৰৰ ৰাণী হিচাপে খ্যাত হিমাচল প্ৰদেশৰ অন্যতম চহৰ চিমলাত বিগত ১৫ দিন ধৰি এটুপি পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শনিবাৰে পানীৰ সমস্যাত গুৰুত্ব প্ৰদান কৰি চৰকাৰে ২.২৫ কোটি লিটাৰ পানীৰ পৰিমান বৃদ্ধি কৰি ২.৮০ কোটি লিটাৰ প্ৰতিদিন কৰিছে৷ তথাপিও ঠায়ে ঠায়ে এতিয়াও পৰ্যাপ্ত পানী লাভ নকৰাক লৈ ৰাইজে বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে৷ 

আনফালে শিক্ষা বিভাগে পানীৰ সমস্যাক গুৰুত্বসহকাৰে লৈ চিমলাৰ বিদ্যালয়সমূহ ৪ জনৰ পৰা ৮ জুনলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিছে৷ চহৰখনত পানীৰ সমস্যা দূৰ হ’লেই পুনৰ বিদ্যালয় সমূহত শিক্ষা প্ৰদান কৰা হ’ব৷

দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান এনএনআইৰ বাতৰি অনুসৰি পানীৰ সংকটক লৈ চিমলাবাসী পথলৈ ওলাই আহিবলৈ বাধ্য হৈছে৷ যাৰ ফলত চৰকাৰ বিমোৰত পৰিছে৷ সোনকালে পৰিস্থিতিত শুধৰণি আনিবলৈ চৰকাৰে দ্ৰুত চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ প্ৰদেশখনৰ এগৰাকী বিষয়াই প্ৰখৰ ৰ’দৰ বাবে খাল-বিল আদি শুকাই যোৱা বাবে পানীৰ সমস্যা বৃদ্ধি পাইছে বুলি মন্তব্য কৰে৷

প্ৰদেশখনত পানী যোগান যাতে সূচাৰু ৰূপে সম্পন্ন হৈ থাকে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে৷ অবৈধ পানী যোগান সংযোগ ৰোধ কৰাত চৰকাৰ ব্যস্ত হৈ পৰিছে৷ আনহাতে জানিব পৰা মতে, পানী যোগানত খামখেয়ালি সৃষ্টি কৰাৰ অভিযোগত স্বাস্থ্যমন্ত্ৰী মহিন্দৰ সিঙে চিমলা নগৰ নিগমৰ এগৰাকী এছডিঅ’ক নিলম্বনো কৰিছে৷ স্বাস্থ্য মন্ত্ৰীয়ে কোনো বিষয়াই যদি দুৰ্নীতি কৰে, তেন্তে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকিয়নী প্ৰদান কৰে৷

ইফালে পানী যোগানত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰি চহৰখনৰ স্থানীয় লোকে মেয়ৰ, উপ-মেয়ৰ আৰু নগৰপালিকাক পদত্যাগ কৰিবলৈ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷ আনফালে, কাচুপট্টী, মাহলী, জীৱনু, পান্থাঘটী আদি অঞ্চলসমূহত পানী যোগানত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি ৰাইজে পথ অৱৰোধ কৰে৷ প্ৰায় শতাধিক মহিলাই হাতে হাতে লাঠি লৈ চিমলাৰ পাম্প হাউচৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ বিষয়েও জানিব পৰা গৈছে৷

জানিব পৰা মতে, হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ আৱাসৰ বাহিৰে আন ক’তো পানীৰ টেংকি প্ৰয়োগ নকৰিবলৈ আদেশ জাৰি কৰিছে৷ আনহাতে চিমলাৰ ওচৰৰ কিছু অঞ্চলৰ পৰা টেংকাৰ যোগে পানী আমদানি কৰি পানীৰ সমস্যা দূৰ কৰাৰো চেষ্টা কৰা বুলি জানিব পৰা গৈছে।