newsnextone.com | ডিজিটেল ডেস্কঃ আমেৰিকাৰ মিচৌৰী বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষা লাভৰ আশাৰে যোৱা তেলেংগানাৰ শৰৎ কোপ্পু নামৰ ছাত্ৰজনক কনছাচ চহৰৰ এখন ৰেস্তোৰাঁত গুলিয়াই হত্যা কৰা হয়৷ শুকুৰবাৰে সন্ধিয়া এজন বন্দুকধাৰী দুৰ্বৃত্তই ৰেস্তোৰাঁখনত প্ৰৱেশ কৰি গুলিচালনা কৰাত ভাৰতীয় ছাত্ৰজনে প্ৰাণ হেৰুৱায়৷

এই ঘটনাই ভাৰত আৰু আমেৰিকাত চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে ছাত্ৰজনক গুলিয়াই হত্যা কৰা অভিযুক্তক কানছাচ আৰক্ষীয়ে চিনাক্ত কৰা বুলি জানিবলৈ দিয়ে৷ শনিবাৰে আৰক্ষীয়ে এটা চিচিটিভি ফুটেজ প্ৰকাশ কৰে৷ চিচিটিভি ফুটেজত দেখা পোৱা মতে, এজন বাদামী আৰু সাধাৰণ ষ্ট্ৰিপ চাৰ্ট পৰিধান কৰা যুৱক ৰোস্তোৰাঁৰ ভিতৰত প্ৰৱেশ কৰে৷ তাত যুৱকজনে কিছু সময় তহল দিয়াৰ পিছত পুনৰ বাহিৰলৈ ওলাই আহে৷ 

আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা অনুসৰি চিচিটিভি ফুটেজত দেখা পোৱা যুৱকজনেই ভাৰতীয় ছাত্ৰজনৰ হত্যাকাৰী৷ তেওঁ ৰেস্তোঁৰাৰ ভিতৰত সোমাই ছাত্ৰসজনক গুলিয়াই হত্যা কৰি তাৰ পৰা পলায়ন কৰে৷

ইফালে আৰক্ষীয়ে অভিযুক্তৰ সন্ধান চলাই এটা টুইট কৰে৷ যি লোকে অভিযুক্ত যুৱকজনৰ যাৱতীয় তথ্য আৰক্ষীক জনাৱ, তেওঁক আৰক্ষীয়ে ১০ হাজাৰ ডলাৰেৰে পুৰস্কৃত কৰিব বুলিও টুইটত প্ৰকাশ কৰে৷ লগতে আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত দুটা ফোন নম্বৰো প্ৰকাশ কৰে৷

আনহাতে, নিহত ছাত্ৰজনৰ পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যেই বিদেশমন্ত্ৰী সুষমা স্বৰাজক বিষয় সন্দৰ্ভত অৱগত কৰা হৈছে৷ অভিযুক্তক যাতে অতি সোনকালে কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰা হয়, তাৰ বাবে বিদেশমন্ত্ৰীক আবেদন জনাইছে পৰিয়ালে৷