ছিকিমৰ ৰাজধানী গেংটকৰ পৰা অকণমান ওপৰলৈ গ’লেই দেখা যায় তিস্তা নদীখন। এতিয়া নৈ খন বহু পৰিমাণে শান্ত হৈ আছে। মাজে মাজে সৰু সৰু ঢৌ বোৰে পাৰত খুন্দিয়াই পানীবোৰ অস্থিৰ কৰি তুলিছে। কিন্তু পিছ মুহূৰ্ততে পুনৰ শান্ত আৰু ধীৰ গতিৰে একান্তমনে বৈ গৈছে নদীখন।
কিন্তু এই তিস্তা নদীয়েই যোৱা ৪ অক্টোবৰত ছিকিমলৈ বিভীষিকা নমাই আনিছিল। ডাৱৰ বিস্ফোৰণ আৰু প্ৰচণ্ড বৰষুণৰ পিছত বান্ধ ভাঙি তীস্তাই ধাৰণ কৰিছিল ৰুদ্ৰৰূপ। এফালৰ পৰা ধ্বংসস্তূপত বিলীন কৰি থৈ গৈছিল নৈখনৰ পাৰত দশক দশক ধৰি গঢ়ি উঠা গাঁও আৰু চহৰ। বহু লোকে এই বিভীষিকাত প্ৰাণ হেৰুৱালগীয়া হোৱাৰ লগতে স্থানচ্যুত হয় হাজাৰ হাজাৰ লোক।
এই ভয়াৱহ বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় তিস্তা নদীৰ পাৰত অৱস্থিত সিংথাম গাঁও। সৌ সিদিনালৈকে জীৱনৰ চন্দই প্ৰাণৱন্ত কৰি ৰখা গাঁওখনত আজি কেৱল চকুলো আৰু বিষাদ। গাঁওখনৰ পকী ঘৰবোৰ বানৰ পিছতো থিয় হৈ আছে যদিও কেঁচা ঘৰবোৰৰ অস্তিত্বই নোহোৱা হৈ পৰিছে। ঘৰবোৰৰ ভিতৰত বুকুলৈকে জমা হোৱা বোকা বিভীষিকাৰ এসপ্তাহৰ পিছতো আঁতৰাব পৰা নাই পৰিয়ালবোৰে।
নদীখনৰ সিটো পাৰে থকা আদৰ্শ নগৰ চহৰৰ অট্টালিকাবোৰত ওপৰৰ মহলালৈকে স্পষ্ট হৈ আছে বোকা পানীৰ দাগ। সেয়া দেখিলেই অনুমান কৰিব পাৰি যে তিস্তা নদীৰ বানে সেই ঘৰবোৰৰ ইমানলৈকে বুৰাই পেলাইছিল। এতিয়া পানী শুকুওৱাৰ পিছত বোকাৰে পুতি যোৱা ঘৰবোৰ পৰিস্কাৰ কৰিবলৈ চেষ্টা চলাইছে গৃহস্থই।
‘উভতি চাওতে দেখিলো- দলংখন নাই’
তিস্তা নদীৰ পাৰৰ আদৰ্শ নগৰত ঘৰ অঞ্জু প্ৰধানৰ। চাৰি দশক পূৰ্বে বিয়া হৈ ইয়ালৈ আহিছিল তেওঁ। ৪ অক্টোবৰ তিস্তা নদীৰ বাবে আন বহুতৰে দৰে উটুৱাই লৈ গৈছিল তেওঁৰ ঘৰখনো। এতিয়া অঞ্জু প্ৰধানৰ পৰিয়ালটোৱে সিংথাম গাঁৱত স্থাপন কৰা অস্থায়ী শিবিৰত বাস কৰে। প্ৰতিদিনে তিনি-চাৰি কিলোমিটাৰ খোজকাঢ়ি শাহুৱেকৰ সৈতে তেওঁ আহে আদৰ্শ নগৰৰ ঘৰখনৰ কাষলৈ। ঘৰখন এতিয়া নাই! বোকাই পুতি পেলোৱা ঘৰৰ ভিঠাটোৰ ওপৰত বহি থাকে অঞ্জু প্ৰধান আৰু শাহুৱেক। বানৰ নিশা পিন্ধি থকা কাপোৰ যোৰেই এতিয়াও ঢাকি ৰাখিছে তেওঁলোকৰ শৰীৰ।
অঞ্জুৱে কয়, “দুৰ্যোগৰ পিছত প্ৰথম দুদিন আমি ইয়ালৈ আহিব পৰা নাছিলো। তাৰ পিছত আমি বান্ধৰ দেৱালৰ মাজেৰে পাৰ হ’বলৈ এটা বাট বিচাৰি পাও৷ তিনি চাৰি কিলোমিটাৰ খোজ কাঢ়ি আমি ইয়ালৈ আহোঁ। উদ্ধাৰ অভিযানত নিয়োজিতসকলৰ লগত আমিও কিবাকিবি সহায় কৰি দিও। ৰাতি হ’লে আমি আমাৰ শিবিৰলৈ উভতি যাওঁ।”
বানে ঘৰখন উটুৱাই নিয়াৰ পিছত এতিয়া খালী হৈ থকা ঠাইটুকুৰালৈ আঙুলিয়াই দি অঞ্জুৱে কয়, ‘ইয়াতেই পাকঘৰটো আছিল...এইখিনিতে ডাঙৰটো ল’ৰাৰ কোঠাটো আছিল...।’ আন এটুকুৰা খালী ঠাই দেখুৱাই তেওঁ কয়, “এইখিনিতে আমাৰ চোতালখন আছিল। তাতেই মই নিজে খোৱাৰ জোখাৰে শাক-পাচলিৰ খেতি কৰিছিলো। কেইজোপামান ফুলৰ গছো আছিল!”
ঘৰখন দেখুৱাই দিয়াৰ সময়ত অঞ্জুৰ বিষাদগ্ৰস্ত চকুৰে বৈ আহিছিল চকুলো। সেই বিষাদৰ ছায়াতে ওলমি ৰৈছে চাৰিটা দশকে তেওঁ সজাই-পৰাই তোলা তেওঁৰ আপোন ঘৰখন!
৪ অক্টোবৰৰ কথা মনত পেলাই অঞ্জু প্ৰধানে কয়, “কোনোবাই ওপৰৰ পৰা ফোন কৰি ক’লে যে বানপানী আহি আছে, পলোৱা পলোৱা। সেই সময়ত বিজুলী নাছিল। এন্ধাৰতে খুপি খুপি আমি ঘৰৰ পৰা ওলাই আহিছিলো। মানুহবোৰৰ মাজত হাহাকাৰ লাগিছিল। বানৰ পৰা জীৱন আৰু সম্পত্তি বচাবলৈ সকলোৱে চেষ্টা চলাইছিল।”
গাঁৱৰ আন আন লোকসকলৰ দৰেই অঞ্জু প্ৰধানেও স্বামী, দুই সন্তান আৰু শাহুৱেকৰ সৈতে আদৰ্শ নগৰক সিংথাম গাঁৱৰ সৈতে সংযোগ কৰা তিস্তা নদীৰ ওপৰৰ দলংখনৰ দিশে দৌৰিছিল।
অঞ্জুৱে কয়, “দলংখন পাৰ হৈ আমি উভতি চাওতে যি দৃশ্য দেখিলো সেয়া সঁচাকৈয়ে ভয়াৱহ আছিল। প্ৰলয়ংকাৰী বানে আমাৰ গোটেই গাঁওখন বুৰাই পেলাইছিল। আমি দলংখন পাৰ হোৱাৰ ৫ মিনিটমানৰ পিছতে আমাৰ চকুৰ সন্মুখতে বানে দলংখনো উটুৱাই লৈ যায়।“
অঞ্জুৱে পুনৰ কয়, “সেই সময়ত দৌৰি পলায়ন কৰিব নোৱাৰা বহুতেই প্ৰাণ হেৰুৱালে। আমি বাচি গ’লো। সিংথাম বজাৰত এতিয়াও মৃতদেহ উদ্ধাৰ হৈয়ে আছে। সৰ্বত্ৰে কেৱল পানী আৰু পানী আছিল। বজাৰতে আমাৰ এখন দোকান আছিল, সেইখনেই আছিল আমাৰ জীৱিকা। কিন্তু বানত দোকানখনো উটি গ’ল।”
বানত নিৰুদ্দেশ সদ্যবিবাহিতা দুৰ্গাৱতী
সিংথাম গাঁওখনৰ চৌদিশে বিভীষিকাৰ ছবি সুস্পষ্ট হৈ আছে। বোকা, বানত উটি অহা ডাঙৰ ডাঙৰ শিল আৰু ভাগি পৰা গছবোৰে গাঁওখনৰ দুৰ্যোগৰ এখন ছবি যেন অংকন কৰিছে। এই গাঁওখনতে স্থাপন কৰা সৰু সৰু অস্থায়ী শিৱিৰত এতিয়া বাস কৰি আছে বানে সৰ্বস্ৰান্ত কৰা শ শ পৰিয়াল।
গাঁওখনৰে এটা মন্দিৰত স্থাপন কৰা এটা শিবিৰত একাংশ শিশুৱে নিজৰ শৰীৰৰ জোখৰ চাৰ্ট আৰু পেণ্ট বিচাৰি ভিৰ কৰিছে। এই কাপোৰবোৰ বানপীড়িত শিশুসকলৰ বাবে দান কৰিছে কোনো সংস্থা বা ব্যক্তিয়ে।
গাঁওখনত এটা ডাঙৰ অস্থায়ী পাকঘৰো নিৰ্মাণ কৰা হৈছে। আশ্ৰয় শিৱিৰত বাস কৰা বানপীড়িত সকলৰ বাবে এই পাকঘৰৰ পৰাই ভোজনৰ ব্যৱস্থা কৰা হৈছে। বানৰ পিছত অধিকাংশ পৰিয়ালেই জীৱিকাৰ উত্স হেৰুৱাই পেলাইছে। সেয়ে চৰকাৰী আৰু ব্যক্তিগত সংস্থাসমূহে প্ৰদান কৰা সাহায্যৰ জৰিয়তেই তেওঁলোকক খাদ্য যোগান ধৰি অহা হৈছে।
এই আশ্ৰয় শিৱিৰসমূহৰ মাজৰে এটা সুকীয়া শিবিৰত বৰ্তমান আশ্ৰয় লৈছে শ্যাম বাবুৰ পৰিয়ালে। আগতে তেওঁৰ পৰিয়ালটো নদীৰ পাৰত অৱস্থিত লাল বজাৰত বাস কৰিছিল। শ্যাম বাবুৰ ঘৰতে আছিল এখন ৰেচমৰ দোকান। মাত্ৰ চাৰিমাহ অৰ্থা জুন মাহত বিবাহপাশত আৱদ্ধ হৈছিল শ্যাম বাবু। এই বানতে সন্ধানহীন হৈ আছে তেওঁৰ নৱবিবাহিতা পত্নী।
বানৰ পিছৰ দৃশ্য, ফটোঃ বিবিচি
বৃদ্ধা মাতৃ কান্তি দেৱীৰ সৈতে আশ্ৰয় শিৱিৰত বাস কৰি এতিয়া প্ৰতিদিনেই পত্নীৰ কথা ভাৱি উচুপি উঠে শ্যাম বাবু। তেওঁ ভাবে, এদিন তেওঁ পত্নী দুৰ্গাৱতীক নিশ্চয় বিচাৰি পাব।
বিভীষিকাময় ৰাতিটোৰ কথা মনত পেলাই শ্যাম বাবুৱে কয়, “আমি সকলোৱে তেতিয়া শুই আছিলো। হঠাৎ ঘৰৰ ভিতৰত পানীৰ শব্দ শুনাত সাৰ পালো। পত্নীয়ে মোবাইলৰ টৰ্চটো জ্বলাই পানীৰ লেভেল চাবলৈ চেষ্টা কৰিলে। কিন্তু পানী খুব দ্ৰুতগতিত বাঢ়িবলৈ আৰম্ভ কৰে। ১৫ ফুট ওখ ঢৌৱে আমাক বুৰাই পেলালে। পানীৰ সোঁত ইমানেই প্ৰৱল আছিল যে আমাক দলিয়াই দিছিল। পানীৰ সোঁতত মই আৰু দুৰ্গাৱতী (তেওঁৰ পত্নী) বিচ্ছিন্ন হৈ পৰিলো।’’
শ্যামে কোঠাৰ চিলিং ফেনখনত ধৰি থাকি সোঁতত উটি নোযোৱাকৈ নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়। পিছদিনা পুৱা দহ বজাত প্ৰায় আধা ঘণ্টা ধৰি চলোৱা প্ৰচষ্টাৰ অন্তত উদ্ধাৰকাৰী দলে শ্যামক নিৰাপদে উদ্ধাৰ কৰে। শ্যামে পিছত জানিব পাৰে যে তেওঁৰ পত্নী দুৰ্গাৱতীৰ কোনো সম্ভেদ লাভ কৰা নাই। আজি এই সংহাৰী বানৰ এসপ্তাহ পাৰ হোৱাৰ পিছতো কোনো সন্ধান ওলোৱা নাই সদ্যবিবাহিতা দুৰ্গাৱতীৰ।
শ্যামৰ পত্নী দুৰ্গাৱতী, বাঁওফালে ভনীয়েক সন্তোষী
কান্দি কান্দি শ্যামে কয়, “যেতিয়া মই ফেনখন ধৰিবলৈ ওপৰলৈ উঠিলো, তেতিয়া মোৰ ভৰিখন আঘাতপ্ৰাপ্ত হৈছিল। মই বাৰে বাৰে পত্নীৰ নাম চিঞৰি আছিলো, কিন্তু কোনো সঁহাৰি পোৱা নাছিলো। মোৰ চাৰিওফালে তেতিয়া কেৱল আন্ধাৰ আৰু আন্ধাৰ আছিল। পানীৰ ঢৌৰ শব্দত মোৰ মাতটোও ক্ষীণ হৈ পৰিছিল।"
বানে কাঢ়ি লৈ গ’ল চান্দনীৰ মাতৃক
লাল বজাৰৰ একেটা চুবুৰীতে শ্যাম বাবুৰ ঘৰৰ কিছু নিলগত বাস কৰিছিল তেওঁৰ জ্যেষ্ঠ ভগ্নী সন্তোষী দেৱীয়েও। একাদশ শ্ৰেণীত পঢ়ি থকা সন্তোষী দেৱীৰ কন্যা চান্দনীয়ে তেওঁৰ জন্মদিন উপলক্ষে ঘৰলৈ আহিছিল। ৪ অক্টোবৰৰ নিশা বান বিভীষিকা নমাৰ সময়ত ঘৰতে মাতৃৰ সৈতে আছিল চান্দনী। এই বানত উটি যায় সন্তোষী দেৱীৰ ঘৰখনো। বানত চান্দনীৰ জীৱন ৰক্ষা পৰে যদিও প্ৰাণ নাবাচিল মাতৃ সন্তোষীৰ। বিভীষিকাৰ তিনিদিন পিছত ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ হয় সন্তোষী দেৱীৰ মৃতদেহ।
মাতৃক হেৰুৱাই কান্দি কান্দি বাউলী হৈ পৰা চান্দনীয়ে কয়, “পানী হঠাতে আহিছিল। সেই সময়ত মই মাৰ হাতত ধৰি আছিলো। কিন্তু পানীৰ প্ৰবল সোঁতে আমাক দুয়োকে পৃথক কৰি পেলায়। মই কাষত যি পালো তাতেই ধৰি কেনেবাকৈ জীৱন বচালো। পানীত মোৰ মোবাইলটোও হেৰাই গৈছিল। কিন্তু কিছুসময় পিছত মই ফোনটো বিচাৰি পাই মাক বাৰাম্বাৰ ফোন কৰিলো যদিও কোনো উত্তৰ নাপালো। আমাৰ ঘৰটো ধ্বংসস্তূপত পৰিণত হৈছিল। মোৰ মা সেই ধ্বংসস্তূপৰ মাজতে আৱদ্ধ হৈ পৰা বুলি মোৰ সন্দেহ হৈছিল।”
অৱশেষত চান্দনীৰ সেই আশংকাই সঁচা হৈছিল। তিনি দিন পিছত উদ্ধাৰকাৰী দলে ধ্বংসস্তূপৰ মাজত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল চান্দনীৰ মাতৃ সন্তোষী দেৱীৰ মৃতদেহ। এতিয়া আশ্ৰয় শিবিৰত মোমায়েক আৰু আইতাকৰ সৈতে বাস কৰি আছে চান্দনীয়ে।
তিস্তা নদীৰ পৰা সুবিশাল অঞ্চল এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে। ভাগি পৰা ঘৰ, গছ, বিদ্যুতৰ খুঁটা, বোকাময় পৰিৱেশে সেই অঞ্চলসমূহৰ আৰ্তনাদৰ ছবি অংকন কৰিছে। বহু অঞ্চলৰ মূল পথ আৰু দলংসমূহ বানত উটি যোৱাৰ ফলত সমগ্ৰ বিশ্বৰ পৰাই বিচ্ছিন্ন হৈ পৰিছে তেনে অঞ্চলসমূহ।
উদ্ধাৰ অভিযানত নিয়োজিত লোকসকলে পাহাৰ বগাই বগাই বিশ্বৰ পৰা বিচ্ছিন্ন হৈ পৰা সেই অঞ্চলসমূহলৈ খাদ্য-পানী আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ চেষ্টা কৰিছে। উদ্ধাৰ অভিযান অব্যাহত থকাৰ সমান্তৰালভাৱে প্ৰতি কেইমিনিটমানৰ মূৰে মূৰে আকাশমাৰ্গৰ পৰাও হেলিকপ্টাৰেৰে পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে।
কেনেকৈ সংঘটিত হ’ল এই প্ৰলয়ংকাৰী বান?
ছিকিম চৰকাৰৰ তথ্য অনুসৰি এই দুৰ্যোগৰ ফলত ষাঠি হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ৭০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। কিন্তু আগন্তুক দিনত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও আশংকা কৰা হৈছে। এতিয়াও সন্ধানহীন হৈ আছে শতাধিক লোক। বানত নিৰুদ্দেশ হৈ থকা সকলৰ মাজত আছে সেনা জোৱানো। বাতৰি অনুসৰি এই বানত প্ৰাণ হেৰুওৱা ৫০ জনৰো অধিক লোকৰ মৃতদেহৰ চিনাক্তকৰণ এতিয়াও সম্ভৱ হোৱা নাই।
এই দুৰ্ঘটনা প্ৰাকৃতিক দুৰ্যোগ আছিল নে অপৰিকল্পিত উন্নয়নৰ ফল আছিল সেই বিষয়ে এতিয়াও প্ৰশ্ন উত্থাপন হৈ আছে। বহু বিশেষজ্ঞই এই বান তিস্তা নদীৰ ওপৰত নিৰ্মাণ নকৰা তৃতীয়টো জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহ পৰিণাম বুলি অভিহিত কৰিছে। বিশেষজ্ঞসকলে এই ভয়াৱহতালৈ আঙুলিয়াই দি অন্য ৰাজ্যত নিৰ্মাণ কৰা এনে নদীবান্ধৰ পৰা নামিব পৰা দুৰ্যোগৰ প্ৰতিও সতৰ্ক কৰি দিছে। উল্লেখ্য যে, চুংথাঙত নিৰ্মাণ কৰা নদীবান্ধৰ বিৰুদ্ধে কেইবাবছৰ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল স্থানীয় লোক, পৰিৱেশবিদ আৰু বহু গৱেষকে।
ইয়াৰ মাজতে এতিয়ালৈকে পোৱা তথ্য অনুসৰি উত্তৰ ছিকিমৰ উচ্চ হিমালয় অঞ্চলত অৱস্থিত লোনাক হিমবাহ হ্ৰদত হঠাৎ ডাৱৰ বিস্ফোৰণ ঘটাৰ ফলত হিমবাহ হ্ৰদৰ পাৰ ভাঙি বৃহৎ পৰিমাণৰ পানীয়ে তিস্তা নদীৰ জলভাগ ওফন্দাই পেলাইছিল। যাৰ ফলত তিস্তা নদীৰ ওপৰত নিৰ্মাণ কৰা জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খহাই বিস্তৃত অঞ্চললৈ বিভীষিকা নমাই আনে।
এই পৰিস্থিতিয়ে সোঁৱৰাই দিয়ে ২০১০ চনৰ কেদাৰনাথ বানৰ কথা। গৱেষকসকলৰ মতে ডাৱৰ বিস্ফোৰণ বা হ্ৰদ বিস্ফোৰণৰ দৰে ঘটনাসমূহ জলবায়ু পৰিৱৰ্তন আৰু গোলকীয়া উত্তাপৰ সৈতে জড়িত। অৱশ্যে এই সন্দৰ্ভত ছিকিম চৰকাৰৰ স্থিতি বেলেগ। ছিকিমৰ মুখ্য সচিব বিজয় ভূষণ পাঠকে সংবাদ মাধ্যমৰ আগত কয়, ‘বৰষুণৰ পৰিমাণ চালে সকলো মথাউৰি আৰু বান্ধতে সীমাতকৈ অধিক পানী আছিল। ইয়াৰ পৰা বৃহৎ পৰিমাণৰ পানী ওলাই আহিল। এতিয়া যেতিয়া পাৰ ভাঙি যায়, তেতিয়া আন কথাও ঘটে। কিন্তু মথাউৰি ভাঙিলে নে নাই তদন্ত কৰা হ’ব।”