নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ফেচবুক, টুইটাৰকে আদি কৰি সমূহ ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰাৰ বিষয়ে গুণা-গঁথা কৰি থকাৰ বাতৰিক লৈ চৌদিশে চৰ্চা চলাৰ সময়তে মঙলবাৰৰ এটি টুইটে অৱসান ঘটাই সকলো ৰহস্যৰ। উক্ত টুইট অনুযায়ী দেওবাৰৰ পৰা চিৰদিনৰ বাবে ছ’চিয়েল মিডিয়াক বিদায় নিদিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ পৰিৱৰ্তে তেওঁ আন্তঃৰ্জাতিক নাৰী দিৱস উপলক্ষে ছ’চিয়েল মিডিয়া একাউণ্টসমূহ সমাজ তথা দেশক বাট দেখুওৱা নাৰীসকলৰ প্ৰতি এদিনৰ বাবেহে উৎসৰ্গা কৰিব।

বিদায় নহয়, নাৰীৰ নামতহে উৎসৰ্গা কৰাৰ সিদ্ধান্ত

৮ মাৰ্চৰ নাৰী দিৱসৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে নাৰীৰ নামত উৎসৰ্গা কৰিব নিজৰ সমূহ ছ’চিয়েল মিডিয়া একাউণ্ট। মঙলবাৰে দুপৰীয়া প্ৰায় ১.১৩ বজাত কৰা টুইটোত এই কথা স্পষ্ট কৰি দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

SheInspiresUs হেচটেগ ব্যৱহাৰ কৰি টুইটটোত তেওঁ লিখিছে, 'এইবাৰৰ নাৰী দিৱসৰ লগত সংগতি ৰাখি মই মোৰ সমূহ ছ’চিয়েল মিডিয়া একাউন্ট সেইসকল মহিলাৰ নামত উৎসৰ্গা কৰিব বিচাৰিছো যিসকল মহিলাৰ জীৱন আৰু কৰ্মই আমাক প্ৰেৰণা যোগাব পাৰে। ইয়াৰ জৰিয়তে আৰু লক্ষ লক্ষ নাৰী উৎসাহিত হ’ব। ভাৰতৰ যিকোনো স্থানত থকা তেনে মহিলাই আমাৰ সৈতে যোগাযোগ কৰিব পাৰে বা কোনোৱে যদি নিজৰ অঞ্চলৰ তেনে মহিলাৰ বিষয়ে জানে তেন্তে আমাক জনাব পাৰে।’  

টুইটযোগে কি মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে

সোমবাৰে নিশা ৮ বাজি ৫৬ মিনিটত এটি টুইট কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। টুইটটোত তেওঁ কৈছিল, "মই ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ ব্যৱহাৰ অহা দেওবাৰৰ পৰা এৰি দিয়াৰ কথা চিন্তা কৰিছো। আপোনালোকে পোষ্ট কৰি থাকক।" 

মোদীৰ এই টুইটৰ পিছতে হতভম্ব হৈ পৰে দেশৰ নেটিজেনসকল। বহুতৰে মনত প্ৰশ্নৰ উদয় হয় যে যিগৰাকী নেতাই সামাজিক মাধ্যমকে সাৰথি কৰি নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰি জয়ীও হৈছিল তেৱেই আকৌ কিয় সামাজিক মাধ্যমৰ পৰা আতঁৰি যোৱাৰ কথা প্ৰকাশ কৰিছে?

একাংশই আকৌ মতামত আগবঢ়াই যে তেওঁৰ কৰ্মৰাজীয়ে দেশবাসীক অতিষ্ঠ কৰি তুলিছে যাৰ বাবে তেওঁক বহুতেই সামাজিক মাধ্যমত গালি পাৰিবলৈ লৈছে। এনে গালি সহ্য কৰিব নোৱাৰিয়েই মোদীয়ে উক্ত সিদ্ধান্ত লোৱা বুলিও একাংশ লোকে দাবী কৰা দেখা গৈছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে স্পষ্ট কৰি দিয়ে যে বন্ধ নহয়, তেওঁৰ ছ’চিয়েল মিডিয়া একাউন্টসমূহ নাৰী দিৱসৰ দিনটোত নাৰীসকলৰ প্ৰতিহে উসৰ্গিত কৰিব।

ছ'চিয়েল মিডিয়াৰ নিচা ইমান সহজতে এৰিব নোৱাৰি!

মঙলবাৰৰ টুইটৰ পিছতে ছ’চিয়েল মিডিয়াত মোদীক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। নেহা যোশী নামৰ এগৰাকী ইউজাৰে টুইট কৰিছে, 'য’ত আমাৰ চিন্তা শেষ হয়, তাতেই পিএম মোদীৰ চিন্তা আৰম্ভ হয়। সঁচাকৈয়ে আচৰিত।’

পেৰ’ডী একাউণ্ট @Pradhaan_Mantri-এ টুইট কৰি লিখিছে, 'মোদী ডাঙৰীয়া আপুনি আপোনাৰ ছ’চিয়েল মিডিয়াৰ একাউণ্ট অৰবিন্দ কেজৰিৱালক দি দিয়ক।’

কংগ্ৰেছ নেতা ৰাধিক খেৰাই আকৌ পৰামৰ্শ আগবঢ়াই লিখিছে, 'এইবোৰ নাটক কৰি থকাতকৈ আপুনি নাৰী দিৱত এইবাৰ নাৰীৰ কথা বেয়াকৈ লিখা, নাৰীক দুৰ্ব্যৱহাৰ কৰা, অশ্লীল গালি-গালাজ কৰা ফলোৱাৰ্ছসকলক বাহিৰ কৰি দিয়ক।’

ৰাণী মিশ্ৰ নামৰ আন এগৰাকী ইউজৰা লিখিছে, 'আপুনিও যে আৰু কি নাটকবাজি কৰি থাকে!’ শ্বাহজাদ আলী নামৰ এজনৰ টুইট, 'মই জানিছিলোৱেই আপুনি ইমান সহজতে এৰি দিয়া বিধৰ নহয়। কেমেৰাক ইমান ভালপাই আপুনি, ক’তনো এৰি দিও বুলিয়েই এৰিব পাৰিব ছ’চিয়েল মিডিয়াৰ নিচা।’

চাইমন নামৰ এজন ইউজাৰৰ মন্তব্য, 'এইবোৰ নাটকবাজি কৰি আপুনি মূল বিষয়বোৰৰ পৰা মানুহৰ দৃষ্টি আতৰ কৰিব বিচাৰিছে।’ আন এগৰাকী ইউজাৰ ৰবি শংকৰে লিখিছে, 'বহুত ভাল সিদ্ধান্ত। অনুগ্ৰহ কৰি ছ’চিয়েল মিডিয়া এৰি নিদিব আপুনি।’