ৰঙিয়াঃ স্বামী গৃহৰ পৰিয়ালৰ অত্যাচাৰ সহিব নোৱাৰি বোৱাৰীয়ে আত্মাহত্যা কৰাৰ ঘটনা সকলোৱে বহুত শুনিছে। কিন্তু ইয়াৰ বিপৰীতে এইবাৰ ৰঙিয়াত পত্নী আৰু শাহুৱেকৰ অত্যাচাৰত জোঁৱায়েকৰ আত্মহননৰ অপচেষ্টাৰ খবৰ পোৱা গৈছে।
প্ৰাপ্ত বাতৰি মতে, নিজ দোকানৰ ভিতৰতে গাত পেট্ৰ’ল ঢালি জুই লগাই আত্মহননৰ চেষ্টা চলাই ৰঙিয়াৰ পিতাম্বৰ হাটবজালীৰ প্ৰণৱ মহন্ত নামৰ লোকজনে। লগে লগে একাংশ গঞাই এই দৃশ্য প্ৰত্যক্ষ কৰি যুৱকজনৰ জুই নুমুৱাবলৈ পানী ঢালে।
কিন্তু তেতিয়ালৈকে প্ৰণৱৰ দেহ আধাতকৈ বেছি অংশ অগ্নিদগ্ধ হয়। পিছত যুৱকজনক প্ৰথমে ৰঙিয়া অসামৰিক হস্পিতালত ভৰ্তি কৰে যদিও সংকটজনক অৱস্থাত ততালিকে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়।
অভিযোগ অনুসৰি প্ৰায় ৭ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা প্ৰণৱক পত্নী আৰু শাহুৱেকে দীৰ্ঘদিন ধৰি অত্যাচাৰ কৰি আহিছে। শনিবাৰে পুৱাই শাহুৱেকে জোঁৱায়েকক মাৰধৰ কৰে।
এনেধৰণৰ নিৰ্যাতন সহিব নোৱাৰি জোঁৱায়েকে গাত পেট্ৰ’ল ঢালি জুই লগাই আত্মহননৰ চেষ্টা কৰে বুলি গাওঁবাসীয়ে অভিযোগ উত্থাপন কৰিছে। নিৰ্যাতনকাৰী শাহুৱেকৰ শাস্তিৰো দাবী জনাইছে ৰাইজে।