newsnextone.com | ডিজিটেল ডেস্কঃ টকাৰ বাবে মানুহে কি কি কৰিব পাৰে? কাৰোৱাক হত্যা কৰিব পাৰে, অপহৰণ কৰিব পাৰে৷ প্ৰলোভন অথৱা মিছা মাতিবও পাৰে পইচাৰ কাৰণে৷ পইচাৰ কাৰণে এনে বহু কাণ্ড সংঘটিত কৰাৰ বিষয়ে বাতৰি প্ৰকাশ হৈয়ে থাকে৷ কিন্তু পইচাৰ কাৰণে ৫ মাহ আগতে মৃত্যু ঘটা এগৰাকী মহিলাক লুকুৱাই ৰাখিব পাৰে নে? 

শুনি আচৰিত যেন লাগিলেও এনে কাণ্ডই সংঘটিত হৈছে এইখন ভাৰতত৷ পইচাৰ লোভত এগৰাকী বৃদ্ধাৰ মৃতদেহ লুকুৱাই ৰাখিছিল সন্তানে৷ বৃদ্ধা গৰাকীয়ে লাভ কৰি অহা স্বামীৰ পেঞ্চনৰ ধনখিনিৰ বাবেই ৪ পুত্ৰ আৰু এগৰাকী জীয়াৰীয়ে ৫ মাহ ধৰি ঘৰৰ ভিতৰত লুকুৱাই ৰাখিছিল মাতৃৰ মৃতদেহ৷ 

জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে বাৰানসীত৷ বাৰানসীৰ ভেলপুৰ নগৰ ক্ষেত্ৰৰ অন্তৰ্গত কবীৰ নগৰৰ বাসিন্দা দয়া প্ৰকাশ নামৰ ব্যক্তিগৰাকী আয়কৰ বিভাগৰ এগৰাকী উচ্চস্তৰীয় বিষয়া আছিল৷ ২০০০ চনত তেওঁৰ মৃত্যু ঘটাত মাহে ১৩ হাজাৰ পেঞ্চন পত্নী অমৰাৱতীয়ে লাভ কৰিবলৈ লয়৷ কিন্তু চলিত বৰ্ষৰ ১৩ জানুৱাৰীত অমৰাৱতীৰ মৃত্যু ঘটে৷ 

মাতৃৰ বিয়োগৰ পিছত পেঞ্চনৰ টকাখিনি লাভ নকৰে বুলি জানি পুত্ৰ ৰবি, জ্যোতি, গিৰিশ, যোগেশ্বৰ আৰু অবিবাহিত জীয়াৰী বিজয়লক্ষ্মীয়ে মাতৃৰ মৃতদেহ ঘৰৰ ভিতৰতে আৱদ্ধ কৰি মাহেকৰ পেঞ্চন খিনি লাভ কৰাৰ কৌশল সৃষ্টি কৰি লয়৷ আনহাতে যোৱা ৫ মাহত ওচৰ চুবুৰীয়াই মাতৃৰ বিষয়ে প্ৰশ্ন সুধিলে অসুস্থতাৰ বাবে কোমাত থকা বুলি তেওঁলোকে হাত সাৰে৷ 

আনহাতে দেওবাৰৰ পৰা অঞ্চলৰ বতাহত দুৰ্গোন্ধ বিয়পি অঞ্চলৰ পৰিৱেশ বিনষ্ট কৰাত উপায়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজে আৰক্ষীক অৱগত কৰে৷ আৰক্ষীয়ে গোন্ধৰ উৎস বিচাৰি তালাচী চলাওতে কবীৰ নগৰৰ আৱাস বিকাশ কলনীৰ ২৭/২ নম্বৰৰ ফ্লেটৰ পৰা এই দুৰ্গোন্ধ বিয়পিছে বুলি নিশ্চিত হয়৷ ফ্লেটৰ ভিতৰত আৰক্ষীয়ে প্ৰৱেশ কৰি তালাচী চলাওতে ৫ মাহ পূৰ্বে মৃত্যু ঘটা বৃদ্ধা গৰাকীৰ পচিবলৈ ধৰা শৱদেহটো উদ্ধাৰ কৰে৷

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৃদ্ধাগৰাকীৰ ২গৰাকী পুত্ৰক আটক কৰি মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ আনফালে মৰোণোত্তৰ পৰীক্ষাত মৃতদেহটো পচি নাযাবলৈ আৰু দুৰ্গোন্ধ নিবিয়পিবলৈ কেমিকেল ব্যৱহাৰ কৰা হৈছিল বুলি নিশ্চিত হয়৷ 

আনফালে বিজয়লক্ষ্মী নামৰ বৃদ্ধা গৰাকীৰ জীয়াৰীয়ে দাবী কৰে যে মাতৃৰ বিয়োগ হোৱা নাই, কোমাত হে আছে৷ বুধবাৰে পুৱালৈকে তেওঁ বৃদ্ধাগৰাকীক ঔষধ খুৱাইছিল আৰু অক্সিজেন দিছিল বুলি দাবী কৰে বিজয়লক্ষ্মীয়ে৷ 

আৰক্ষীয়ে ঘৰটোত তালাচী চলাই, অক্সিজেন চিলিণ্ডাৰ, বিভিন্ন ঔষধ আৰু কেমিকেল উদ্ধাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷