প্ৰখ্যাত চিত্ৰশিল্পী ইমৰোজে যোৱা শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ লগে লগে পুনৰ সমগ্ৰ বিশ্বৰ সাহিত্য আৰু শিল্প প্ৰেমীসকলৰ মনত জীৱন্ত হৈ উঠিছে এক বিশেষ প্ৰেম কাহিনী। ক’বলৈ গ’লে ইমৰোজৰ মৃত্যু এই প্ৰেম কাহিনীৰ অন্ত নহয়, বৰং উক্ত কাহিনীৰ আন এক আৰম্ভণিহে... য’ত প্ৰেমে বন্ধনৰ সীমা পৰিহাৰ কৰি স্বাধীনতাৰ ডেউকাৰে উৰি ফুৰে উন্মুক্ত আকাশত!
জীয়াই থকা সময়ত প্ৰখ্যাত সাহিত্যিক অমৃতা প্ৰীতম আৰু ইমৰোজৰ বিশেষ সম্পৰ্ক সদায়েই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আহিছিল। আজি দুয়ো এই পৃথিৱীত নাই যদিও তেওঁলোকৰ সেই ব্যতিক্ৰমী প্ৰেমৰ সুবাস কিন্তু আজিও বিয়পি আছে। দুয়ো কেতিয়াও বিবাহপাশত আৱদ্ধ হোৱা নাছিল, অথচ একেৰাহে ৪০ বছৰ ধৰি লিভ-ইন ৰিলেশ্যনশ্বিপত আছিল। অমৃতা প্ৰীতম আৰু ইমৰোজে বিশ্ববাসীক দি গৈছে প্ৰেমৰ নতুন সংজ্ঞা। এই সংজ্ঞাৰে তেওঁলোকে সকলোকে দেখুৱাই গৈছে যে বিবাহৰ বান্ধোনত আৱদ্ধ হোৱাতোৱেই প্ৰেম নহয়, ভালপোৱাৰ অসীম আকাশত উন্মুক্ত হৈ উৰি ফুৰাটোও হৈছে প্ৰেম!
News Next Oneৰ পঢুৱৈসকলৰ বাবে আজি আগবঢ়োৱা হৈছে অমৃতা প্ৰীতম আৰু ইমৰোজৰ চৰ্তহীন প্ৰেম কাহিনীক লৈ এটি বিশেষ লেখা। দেশৰ প্ৰসিদ্ধ সাংবাদিক ৰেহান ফজলৰ হিন্দীত প্ৰকাশিত এই লেখাটি অসমীয়ালৈ অনুবাদ কৰিছে নওৰোজ মিলাবিয়ে।
◼️ মূল হিন্দীঃ ৰেহান ফজল
◼️ অনুবাদঃ নওৰোজ মিলাবি
ভাৰতৰ বিখ্যাত লেখকসকলৰ মাজৰ অন্যতম অমৃতা প্ৰীতমে এবাৰ লিখিছিল, ''মই ওৰে জীৱন যি ভাবি আহিছো আৰু লিখি আহিছো, সেই সকলোবোৰেই আছিল দেৱতাক জগাই তোলাৰ প্ৰয়াস, যি দেৱতা নেকি মানুহৰ মন-মগজুৰ ভিতৰত সুপ্ত হৈ থাকে।’’
অমৃতা আৰু ইমৰোজৰ যাত্ৰাৰ আৰম্ভণি ঘটিছিল লাহে লাহে। অমৃতাই ছেঠী নামৰ এগৰাকী চিত্ৰশিল্পীক তেওঁৰ কিতাপ 'আখিৰি খত’ৰ বেটুপাতৰ ডিজাইন কৰি দিবলৈ অনুৰোধ কৰিছিল। তেতিয়া ছেঠীয়ে ক’লে যে তেওঁ এনে এগৰাকী ব্যক্তিক জানে যিয়ে তেওঁতকৈও সেই কামটো বেছি ভালকৈ কৰিব পাৰিব।
ছেঠীৰ কথামতেই অমৃতাই ইমৰোজক এদিন মাতি পঠিয়ালে। সেই সময়ত ইমৰোজে উৰ্দু বাতৰি কাকত 'শমা’ত কাম কৰিছিল। অমৃতা প্ৰীতমৰ সৈতে কথা-বতৰাৰ অন্তত তেওঁ সেই কিতাপখনৰ বেটুপাতৰ কাম কৰি দিলে।
সেই দিনবোৰ সুঁৱৰি ইমৰোজে কয়, ''তেওঁৰ ডিজাইনৰ লগতে শিল্পীও পছন্দ হৈছিল। তেনেকৈয়ে আমাৰ আহ-যাহ হ’বলৈ ল’লে। আমি দুয়ো ওচৰা-ওচৰিকৈয়ে বাস কৰিছিলো। মই আছিলো ছাউথ পেটেল নগৰত আৰু তেওঁ থাকিছিল ৱেষ্ট পেটেল নগৰত।’’
তেওঁ আৰু কয়, ''এবাৰ মই এনেই লগ কৰিবলৈ বুলি তেওঁৰ ঘৰলৈ গ’লো। কথাৰ পাকতে মই কৈ পালো যে আজিৰ দিনটোতে মই জন্মগ্ৰহণ কৰিছিলো। গাঁৱত জন্ম গ্ৰহণ কৰাসকলে কেৱল জন্ম পায়, কিন্তু জন্মদিন নাথাকে। তাৰপিছত তেওঁ এক মিনিটৰ বাবে উঠিলে, বাহিৰলৈ গ’ল আৰু আকৌ আহি বহিলে। কিছুসময় পিছতে ঘৰুৱা সহায়কাৰী এগৰাকীয়ে প্লেট এখনত কেক এটা থৈ ওলাই গ’ল। তেওঁ কেকটো কাটি এটা টুকুৰা মোক দিলে আৰু এটুকুৰা নিজেই ল’লে। তেওঁৱো হেপ্পী বাৰ্থডে বুলি কোৱা নাছিল আৰু মইয়ো কেক খাই ধন্যবাদ বুলি কোৱা নাছিলো। কেৱল মাত্ৰ আমি এজনে আনজনলৈ চাই ৰৈছিলো। আমাৰ দুয়োৰে চকুত পিছে সুখৰ আভা বিয়পি পৰিছিল।’’
দেউতাকৰ চৰ!
এয়া এক আৰম্ভণিহে আছিল যদিও ইয়াৰ বহু বছৰ পূৰ্বেই অমৃতাৰ মন-মগজুত এজন কাল্পনিক প্ৰেমিক আছিল আৰু সেই প্ৰেমিকজনক তেওঁ নাম দিছিল ৰাজন। অমৃতাই এই নামটোকেই তেওঁৰ জীৱনৰ প্ৰথমটো কবিতাৰ বিষয় কৰি লৈছিল।
এবাৰ অমৃতাই বিবিচিৰ সৈতে হোৱা সাক্ষাৎকাৰত কৈছিল যে যেতিয়া তেওঁ স্কুলত পঢ়ি আছিল তেতিয়াই তেওঁ এটি কবিতা লিখিছিল। স্কুললৈ গৈ বান্ধৱীক দেখুৱাব বুলি ভাবি তেওঁ কবিতাটো জেপত ভৰাই লৈছিল।
স্কুললৈ যোৱাৰ পূৰ্বে তেওঁ পইছা বিচাৰি দেউতাকৰ ওচৰলৈ গ’ল। দেউতাকে পইছা তেওঁৰ হাতত নিদি জেপত ভৰাই দিবলৈ বিচাৰিলে। সেই জেপত কবিতাটো আছিল। দেউতাকে জেপত কবিতাটো পাই সেয়া উলিয়াই আনি পঢ়িবলৈ ল’লে।
কবিতাটো পঢ়ি হ’লত দেউতাকে কবিতাটো তুমি লিখিছা নেকি বুলি অমৃতাক সুধিলে। অমৃতাই তেতিয়া মিছা মাতি কবিতাটো বান্ধৱীয়ে লিখা বুলি ক’লে। দেউতাকে অমৃতাৰ মিছাতো ধৰিব পাৰিলে আৰু কবিতাটো আকৌ এবাৰ পঢ়িলে। পঢ়ি উঠি এই ৰাজন কোন বুলি প্ৰশ্ন কৰিলে।
অমৃতাই 'কোনো নহয়’ বুলি ক’লে। দেউতাকে কথাটো মানি ল’বলৈ টান পালে। সেয়ে খং কৰি অমৃতাক গালতে ভালকৈ এচৰ দিলে আৰু সেই কবিতা লিখা কাগজখন ফালি পেলালে।
অমৃতাই এই সন্দৰ্ভত কৈছিল, ''মোৰ জীৱনৰ প্ৰথমটো কবিতাৰ এই দুৰৱস্থা হৈছিল। মিছা মাতি নিজৰ কবিতাটোত আনৰ নাম লগাব বিচাৰিছিলো, কিন্তু সেই কবিতাটোৱে মোক এচৰ খুৱাই পুনৰ মোৰ নাম লগাই ল’লে।’’
বেলেগ বেলেগ কোঠা
পৃথিৱীত প্ৰতিগৰাকী প্ৰেমিক-প্ৰেমিকাৰেই সপোন থাকে যে তেওঁলোকে ইজনে আনজনক নিজৰ প্ৰেম প্ৰকাশ কৰিব। পিছে অমৃতা আৰু ইমৰোজ এই ক্ষেত্ৰত আছিল খুবেই ব্যতিক্ৰম কিয়নো তেওঁলোকে কোনে দিনেই ইজনে আনজনক কৈ নাপালে যে তেওঁলোকে পৰস্পৰে পৰস্পৰক ভালপায়।
ইমৰোজৰ ভাষাৰে ক’বলৈ হ’লে যেতিয়া প্ৰেম থাকে তেতিয়া সেয়া কোৱাৰ প্ৰয়োজনেই বা কি? চিনেমাতো আপুনি উঠা-বহাৰ অংগী-ভংগীৰ পৰা এয়া কৈ দিব পাৰিব যে নায়ক-নায়িকাই ইজনে সিজনক ভালপায়। কিন্তু তাৰপিছতো তেওঁলোকে বাৰে বাৰে কৈ থাকে যে তেওঁলোকে এজনে আনজনক ভালপায় আৰু এয়াও কয় যে তেওঁলোকে সঁচা প্ৰেম কৰিছে। সেয়া শুনিলে এনে লাগে যেন প্ৰেমো কেতিয়াবা মিছা হয়।
''প্ৰেমৰ অনুভৱেৰে সিক্ত পুৰুষ আৰু নাৰী একেলগে এটা কোঠাতে থকাটোৱেই নিয়ম। আমি প্ৰথম দিনটোৰে পৰা এখন ছাদৰ তলত একেটা ঘৰতে বেলেগ বেলেগ কোঠাত থাকিবলৈ লৈছিলো। তেওঁ নিশাৰ ভাগত লিখিছিল। তেতিয়া টেলিফোনৰ ক্ৰিং ক্ৰিং শব্দ নাথাকিছিল আৰু কাৰো আহ-যাহো নহৈছিল, পৰিৱেশ নিৰ্জন হৈ পৰিছিল।’’-ইমৰোজে কৈ গৈছে।
''সেই সময়ত মই শুই থাকিছিলো। লিখি থকাৰ সময়ত তেওঁ চাহ খাই ভাল পাইছিল। লিখি থকাৰ পৰা উঠি গৈ নিজে চাহ বনাবলৈ তেওঁ দিগদাৰ পাইছিল। সেয়ে মই ৰাতি এক বজাত উঠিবলৈ আৰম্ভ কৰিছিলো। মই চাহ বনাইছিলো আৰু অকণো শব্দ নকৰাকৈ তেওঁৰ সমুখত চাহৰ কাপ থৈ আহিছিলো। তেওঁ লিখাত এনেকৈ নিমগ্ন হৈ থাকিছিল যে মোৰ ফালে এপলকৰ বাবেও নাচাইছিল। এয়া ৪০-৫০ বছৰ ধৰি চলি আহিছিল।’’
ইমৰোজ আৰু অমৃতা দুয়োৰে নিকট বন্ধু আছিল উমা ত্ৰিলোক। তেওঁ এই লৈ 'অমৃতা এণ্ড ইমৰোজ- এ লাভ ষ্ট’ৰী’ নামেৰে এখন কিতাপো লিখিছে।
উমাই কয় যে অমৃতা আৰু ইমৰোজৰ মাজত প্ৰেমৰ সম্পৰ্কতো আছিলেই, কিন্তু তাৰ লগতে সেই সম্পৰ্কত আছিল অপাৰ স্বাধীনতা। খুব কম মানুহেই জানে যে তেওঁলোক দুয়ো একেটা ঘৰতে বেলেগ বেলেগ কোঠাত থাকিছিল আৰু এই কথা ওলালেই ইমৰোজে সদায়েই কৈছিল যে একেটা কোঠাত নাথাকিলে কি হ’ল, এজনে আনজনৰ গোন্ধ ঠিকেই পাই থাকে। উমাৰ মতে এনে প্ৰেমিক যুগল আৰু প্ৰেমৰ সম্পৰ্ক তেওঁ কমেই দেখিছে য’ত এজনে আনজনৰ প্ৰতি বহুতকৈ নিৰ্ভৰশীল আছিল যদিও উভয়ৰে উভয়ৰ প্ৰতি কোনোধৰণৰ দাবী নাছিল।
জ্বৰ পলাইছিল...
১৯৫৮ চনত যেতিয়া ইমৰোজে মুম্বাইত চাকৰি পাইছিল তেতিয়া অমৃতাই ভিতৰি ভিতৰি দুখী হৈ পৰিছিল। তেওঁৰ এনে লাগিছিল যে সাহিৰ লুধিয়ানবিৰ দৰেকৈ ইমৰোজেও তেওঁৰ পৰা আঁতৰি যাব।
ইমৰোজে জনোৱা মতে গুৰু দত্তই তেওঁক নিজৰ লগত ৰাখিব বিচাৰিছিল। পিছে দৰমহাক লৈ কথাটো মিলা নাছিল। হঠাৎ এদিন এপইণ্টমেণ্ট লেটাৰ আহিছিল আৰু তেওঁ যিমান দৰমহা বিচাৰিছিল সিমান দিবলৈ ৰাজী হৈছিল।
''মই বহুত সুখী হৈছিলো। সুখৰ অনুভৱ ব্যক্ত কৰিব পৰাকৈ দিল্লীত অমৃতাৰ বাদে মোৰ আন কোনো নাছিল। মোৰ সুখ আৰু আনন্দ দেখি তেওঁৱো সুখী হৈছিল যদিও তেওঁৰ চকুৰে চকুপানী বৈ আহিছিল।’’-ইমৰোজে কৈ গৈছে।
''অলপ ৰৈ আকাৰে-ইংগিতেৰে এয়াই জনাব খুজিছিল যে তেওঁ মোক বহুত মিছ কৰিব, কিন্তু মুখ খুলি একো কোৱা নাছিল। মোৰ মুম্বাইলৈ যাবলৈ আৰু তিনি দিন বাকী আছিল। পিছত তেওঁ সেই ৩ দিন তেওঁৰ জীৱনৰ শেষৰ দিন যেন লগাৰ কথা কৈছিল।’’
''তিনি দিন আমি দুয়ো তেওঁৰ য’লৈকে যাবলৈ মন তালৈ গৈছিলো, বহিছিলো। তাৰপিছত মই মুম্বাইলৈ গৈছিলো। মই যোৱাৰ পিছতে অমৃতাৰ জ্বৰ উঠিছিল। মুম্বাই পায়েই মনতে ভাবি লৈছিলো যে মই তাত চাকৰি নকৰো। পিছদিনাখনেই ফোন কৰি কৈছিলো যে মই দিল্লীলৈ গৈ আছো।’’
''তেওঁ সকলো ঠিকে ঠাকে আছে নে নাই সুধিছিল। মই কৈছিলো যে সকলো ঠিকেই আছে, কিন্তু এই চহৰত মই থাকিব নোৱাৰো। মই তেতিয়াও অৱশ্যে এইটো কোৱা নাছিলো যে মই তেওঁৰ বাবেই আকৌ দিল্লীলৈ ঘূৰি গৈ আছো। মই তেওঁক মই গৈ থকা ৰে’লখনৰ নাম আৰু ডবাৰ নম্বৰ জনাইছিলো। যেতিয়া মই দিল্লী পাইছিলো তেতিয়া তেওঁ মই বহি থকা ডবাটোৰ বাহিৰত থিয় হৈ আছিল আৰু মোক দেখিয়েই তেওঁৰ জ্বৰ ভাল হৈ গৈছিল।’’
পাহৰিব পৰা নাছিল প্ৰেমিক ছাহিৰক...
ছাহিৰ লুধিয়ানৱিৰ সৈতে আছিল অমৃতাৰ অপৰিসীম ভালপোৱা। নিজৰ আত্মজীৱনী 'ৰছিদি টিকট’ত ছাহিৰে কিদৰে লাহোৰৰ তেওঁৰ ঘৰলৈ আহিবলৈ লৈছিল আৰু এটাৰ পিছত এটাকৈ চিগাৰেট হুপিছিল সেয়া লিখিছে। ছাহিৰ যোৱাৰ পিছত পেলাই দিয়া চিগাৰেটৰ টুকুৰাবোৰ তেওঁ আকৌ হুপিছিল।
এনেকৈয়ে তেওঁ চিগাৰেটৰ প্ৰতি আসক্ত হৈ পৰিছিল। অমৃতাই ওৰেতো জীৱন ছাহিৰক পাহৰিব পৰা নাছিল আৰু ইমৰোজেও সেই বিষয়ে ভালকৈয়ে জানিছিল। অমৃতা আৰু ইমৰোজৰ বন্ধু উমা ত্ৰিলোকে এই সন্দৰ্ভত কৈছে যে এয়া কোনো আজৱ কথা নাছিল। দুয়ো এই লৈ যথেষ্ট সহজ আছিল।
উমা ত্ৰিলোকে কয়, ''তেওঁ এই কথা কৈছিল যে ছাহিৰ হৈছে আকাশ আৰু ইমৰোজ হৈছে মোৰ ঘৰৰ ছাদ! ছাহিৰ আৰু আমৃতাৰ আছিল প্লেট’নিক প্ৰেম। ইমৰোজে মোক এবাৰ কৈছিল যে যেতিয়া তেওঁৰ গাড়ী নাছিল তেতিয়া অমৃতাক স্কুটাৰতে লৈ ফুৰিছিল।’’
ইমৰোজে এই প্ৰসংগত কৈছিল, ''হাতত কলম থাকক বা নাথাকক অমৃতাৰ আঙুলিয়ে অহৰহ কিবা নহয় কিবা লিখি থাকিছিল। তেওঁ কেবাবাৰো স্কুটাৰত পিছফালে বহি মোৰ পিঠিত হাতেৰে ছাহিৰৰ নাম লিখি দিছিল। ইয়াৰ পৰা উমান পাইছিলো যে আচলতে তেওঁ ছাহিৰক কিমান বিচাৰিছিল! কিন্তু সেই লৈ মোৰনো আপত্তি কৰিবলগীয়া কি আছে! তেওঁ ছাহিৰক বিচাৰে যদি বিচাৰে আৰু। ময়ো তেওঁক বিচাৰো।’’
সংগীও, ড্ৰাইভাৰো...
অমৃতাই য’লৈকে গৈছিল ইমৰোজকো তালৈকে লৈ গৈছিল। আনকি যেতিয়া অমৃতা ৰাজ্যসভালৈ মনোনীত হৈছিল তেতিয়াও ইমৰোজে প্ৰতিদিনে তেওঁৰ সৈতে সংসদ ভৱনলৈ গৈছিল আৰু বাহিৰত বহি উভতি অহালৈ অপেক্ষা কৰিছিল।
তেওঁ অমৃতাৰ সংগীও আছিল আৰু ড্ৰাইভাৰো আছিল। ইমৰোজে এই লৈ কৈছিল, ''অমৃতা বহুত জনপ্ৰিয় আছিল। তেওঁক বহু দূতাবাসৰ পৰা প্ৰায়েই ভোজমেল আদিলৈ নিমন্ত্ৰণ জনাইছিল। মই তেওঁক লৈ গৈছিলো আৰু আকৌ লৈ আহিছিলো। মোৰ নাম যিহেতু কাৰ্ডত নাছিল সেয়ে মই ভিতৰলৈ যোৱাতো সম্ভৱ নাছিল। মই টিফিন লৈ গৈছিলো আৰু গাড়ীত বহি টিফিন খাই গান শুনি শুনি অমৃতালৈ ৰৈ আছিলো।’’
''লাহে লাহে অধিকাংশই জানিব পাৰিছিল যে তেওঁৰ বয়ফ্ৰেইণ্ডো আছে। তেতিয়া তেওঁলোকে মোৰ নামো নিমন্ত্ৰণী কাৰ্ডত লিখিবলৈ লৈছিল। যেতিয়া তেওঁ সংসদ ভৱনৰ পৰা বাহিৰলৈ আহিছিল তেতিয়া তাত থকা এনাউন্সাৰক কৈছিল যে ইমৰোজক মাতি দিয়া। এনাউন্সাৰজনে ভাবিছিল যে মই তেওঁৰ ড্ৰাইভাৰ। সেয়ে এনাউন্সাৰজনে চিঞৰিছিল- ড্ৰাইভাৰ ইমৰোজ...! আৰু মই গাড়ী লৈ অমৃতাৰ কাষ পাইছিলো।’’
দেহটো এৰিলেও মোক এৰা নাই...
অমৃতাৰ জীৱনৰ অন্তিম সময়ছোৱা যথেষ্ট কষ্ট আৰু যন্ত্ৰণাৰ মাজেৰে পাৰ হৈছিল। বাথৰুমত পৰি তেওঁ কঁকালৰ হাড় ভাঙিছিল। তাৰ পিছত যি যন্ত্ৰণা আৰম্ভ হৈছিল সেই যন্ত্ৰণাই শেষ দিনটোলৈ তেওঁক জ্বলাই মাৰিছিল।
উমা ত্ৰিলোকে লিখিছে, ''ইমৰোজে অমৃতাৰ সেৱা-শুশ্ৰুষা কৰাতেই নিজকে সমৰ্পণ কৰিছিল। সেই যন্ত্ৰণাময় দিনবোৰকো ইমৰোজে অমৃতাৰ বাবে ধুনীয়া কৰি তুলিছিল। তেওঁ অমৃতাৰ ৰোগাক্ৰন্ত সময়ছোৱাত গাৰ ছাঁটো হৈ আছিল। অপাৰ মৰমেৰে তেওঁক খুৱাইছিল, গা ধুৱাই দিছিল, কাপোৰ পিন্ধাই দিছিল। ইমৰোজ তেতিয়া প্ৰায় নিৰামিষভোজী হৈ পৰিছিল। তেওঁ অমৃতাৰ সৈতে কথা পাতিছিল, তেওঁক লৈ কবিতা লিখিছিল, ভালপোৱা ফুল আনি দিছিল। অমৃতাই কিন্তু ইমৰোজৰ কথাবোৰৰ হা-না কৈ উত্তৰ দিবলৈকো সুস্থ হৈ থকা নাছিল।’’
২০০৫ চনৰ ৩১ অক্টোবৰত অমৃতাই এই পৃথিৱীৰ পৰা মেলানি মাগে। কিন্তু ইমৰোজৰ বাবে অমৃতা ওৰে জীৱন তেওঁৰ কাষতে আছিল... একেবাৰে কাষতে!
ইমৰোজে নিজৰ অনুভৱৰ কথা কৈছিল এইদৰে, ''তেওঁ শৰীৰটোহে এৰিছে, মোক এৰি যোৱা নাই। তেওঁ এতিয়াও আছে, কেতিয়াবা তৰাৰ আঁৰ হৈ, কেতিয়াবা পোহৰৰ ৰশ্মি হৈ, কেতিয়াবা অনুভৱ হৈ। আমি এনেকৈয়ে লগ পাই থাকো। আমাক এনেকৈ গোপনে গৈ থকা দেখি ফুলবোৰে মাতে। আমি ফুলবোৰৰ মাজত বহি ইজনে আনজনক কবিতা শুনাও। তেওঁ দেহটো এৰিছে, মোৰ সংগ এৰা নাই...’’