ডিজিটেল ডেস্কঃ বদলি শব্দৰ অভিধানিক অৰ্থ হৈছে 'এঠাইৰপৰা আন ঠাইলৈ যাবলৈ হুকুম দিয়া কাৰ্য্য’। কিন্তু চৰকাৰী কাৰ্যালয়ত বহুসময়ত বদলি শব্দটো হৈছে পোতক তোলা।
দেওবাৰে শ্ৰেষ্ঠা সিং নামৰ উপ আৰক্ষী অধীক্ষকগৰাকীক বদলি কৰাৰ আঁৰতো তেনেই পোতক তোলাধৰণৰ বিষয় এটা ছ’চিয়েল মিডিয়াকে ধৰি বিভিন্ন সংবাদমাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰিছে।
হঠাতে যোগী আদিত্যনাথৰ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা নিৰ্দেশৰ হুকুম আহিছে সিঙলৈ। দৰাচলতে বুলন্দচহৰত যান-বাহন আইন ভংগ কৰাৰ বাবে সিঙে গ্ৰেপ্তাৰ কৰা নেতা এজনক মোকলাবলৈ যোৱা গেৰুৱা দলৰ নেতাক প্ৰত্যহ্বান জনোৱাৰ পিছতে সংবাদ মাধ্যমত চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল লেডী সিংহমগৰাকী।
মুখ্যমন্ত্ৰীৰপৰা লিখি অনালেও মুকলি কৰি নিদিও বুলি মুখৰ আগতে কোৱা সিং টাৰ্গেট হৈ পৰিছিল উক্ত বিজেপি নেতাকেইজনৰ।
তাৰ পিছতে এনেদৰে বদলিকৰণৰ নিৰ্দেশক লৈ সন্দেহ ঘনীভুত হৈছে সকলোৰে। উল্লেখ্য যে শ্ৰেষ্ঠা সিঙক চৰকাৰে শেহতীয়াকৈ দুশৰো অধিক আৰক্ষীক বদলী কৰাৰ সকলৰ এজন বুলিও ভবাৰো থল নথকা নহয়।