ডিজিটেল ডেস্কঃ এইবাৰ ১৮ বছৰীয়া ছাত্ৰৰ বলি হব লগা হল স্কুলৰ অধ্যক্ষা৷ গোপনে লৈ যোৱা মাৰণাস্ত্ৰৰে অধ্যক্ষাৰ কোঠাত প্ৰৱেশ কৰি দ্বাদশ শ্ৰেণীৰ ছাত্ৰই গুলীয়াই হত্যা কৰে৷ হাৰিয়ানাৰ যমুনা নগৰৰ বিবেকানন্দ স্কুলত অধ্যক্ষক গুলীয়াই হত্যা কৰে ১৮ বছৰৰ বাণিজ্য শাখাৰ ছাত্ৰই৷
হাৰিয়ানাৰ যমুনা নগৰৰ বিবেকানন্দ স্কুলৰ অধ্যক্ষা ৰিতু চাবৰাক লক্ষ্য কৰি পিতৃৰ পঞ্জীয়ণভূক্ত ৰিভালভাৰেৰে বাণিজ্যৰ ছাত্ৰগৰাকীয়ে তিনিটা গুলী নিক্ষেপ কৰে৷ ৪৭ বছৰীয়া অধ্যক্ষাগৰাকীৰ প্ৰথম দুটা গুলী হাতত লাগে যদিও তৃতীয়টো গুলী বুকুত লাগে৷
গুলীৰ শব্দ শুনি বিদ্যালয় খনত হুৱাদুৱা লাগে৷ ততাতৈয়াকৈ ৰিতু চাবৰাক বিদ্যালয়খনৰ পৰা চিকিৎসালয়লৈ নিয়া হয় যদিও অধ্যক্ষাৰ মৃত্যু হয়৷ অধ্যক্ষাগৰাকীক গুলীচালনা কৰি পলায়ণ কৰাৰ চেষ্টা কৰে যদিও একাংশ লোকে ছাত্ৰগৰাকীক আৱদ্ধ কৰি আৰক্ষীক গতাই দিয়ে৷ উক্ত সময়ত বিদ্যালয়খনত অভিভাৱকৰ সভা চলি আছিল৷ জানিব পৰা মতে, কম নম্বৰ পোৱাৰ বাবে অধ্যক্ষাগৰাকীয়ে কথা শুনাইছিল ছাত্ৰগৰাকীক৷