ডিজিটেল ডেস্কঃ বিতৰ্কই লগ এৰা নাই পদ্মাৱতীক৷ প্ৰথমে মূখ্য অভিনেত্ৰী দীপিকাক টুইটাৰ যোগে বিৰোধ তাৰ পিছত পদ্মাৱতী তথা অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য ৫ কোটি টকা ঘোষণা।হাৰিয়ানা বিজেপি নেতা সুৰজ পল অমুই অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য দুগুণ কৰি ১০ কোটি টকালৈ বৃদ্ধি কৰে৷

যিয়ে তেওলোকৰ মুৰ-নাক কাটি আনিব তেওলোকক ১০ কোটি দিম বুলি ঘোষণা কৰে৷ ৰাজপুত সেনাৰ যিগৰাকী যুৱকে ৫ কোটি টকা ঘোষণা কৰিছে তেওক শুভেচ্ছা যাচে বিজেপিৰ নেতাগৰাকীয়ে৷ আনকি বিজেপি নেতা সুব্ৰমনিয়াম স্বামী আৰু যোগী আদিত্য নাথেও টুইট কৰে অভিনেত্ৰীৰ বিৰুদ্ধে৷ তাৰ পিছত আক্ৰমণৰ লক্ষ্য কৰি লয় ছবি খনৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক৷এইবাৰ এগৰাকী লোকে হিন্দী বোলছবি খন বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে চূড়ান্ত সিন্ধান্ত ললে এগৰাকী যুৱকে।

সঞ্জয় লীলা ভাঞ্চালী পৰিচালিত পদ্মাৱতী বোলছবিৰ বহু বিতৰ্কৰ পিছত ছবিখনৰ কাহিনীক লৈ আপত্তি থকা যুৱক এজনে আত্মহত্যা কৰে৷ ৰাজস্থানৰ জয়পুৰ চহৰৰ বিখ্যাত নাহৰগঢ় দূৰ্গত শুকুৰবাৰে পুৱা প্ৰাতঃ ভ্ৰমনলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে দূৰ্গৰ দেৱালত ওলমি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ৷

মৃত্যুৰ কাৰণ যে পদ্মাৱতী সেয়া গম পোৱা যায় মৃতদেহটোৰ ওচৰত উদ্ধাৰ হোৱা এক মন্তব্যৰ জৰিয়তে৷ মৃত্যুৰ পূৰ্বে ওচৰৰ শিলত লিখি  থৈ যোৱা মন্তব্য অনুসৰি পদ্মাৱতীক স্পষ্ট ভাৱে কয়, তেওঁলোকে হেনো অকল পুতলাই নোলোমাই , মৃতদেহো ওলোমাব জানে৷ 

উল্লেখ্য যে, আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ পিছত তদন্ত অব্যাহত ৰাখিছে। মৃতদেহ প্ৰত্যক্ষ কৰি প্ৰশ্নও উত্থাপিত হৈছে৷ মৃতদেহটো চেতন চোনী নামৰ যুৱক জনৰ বুলি জানিব পৰা যায়। 

আৰক্ষীয়ে মৃত্যুৰ পূৰ্বে চেতনে মদ খাইছিল, লগতে  মৃতদেহৰ ওচৰত বেগ আৰু মানিবেগ উদ্ধাৰ হৈছে আৰু মানিবেগত ট্ৰেইনৰ টিকটো উদ্ধাৰ হৈছে য’ত চেতনৰ নাম লিখা আছে৷ টিকট চাৰি দিন পূৰ্বৰ।