ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ তুলনাত বিজেপি শাসিত ৰাজ্যত কৃষকৰ আত্মহত্যাৰ সংখ্যা কম৷ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ৰেলীত অংশ লৈ এই মন্তব্য কৰে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে৷ শ্বাহে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াক কটাক্ষ কৰি কয়, ৪০লাখ টকাৰ ঘড়ী পিন্ধা মুখ্যমন্ত্ৰীয়ে কৃষকৰ সমস্যাৰ কথা কয় কিন্তু কোনো সমস্যাই সমাধান কৰিব নোৱাৰে৷ 

আনহাতে শ্বাহে কৃষকৰ আত্মহত্যাৰ সন্দৰ্ভত মতপোষণ কৰে এনেদৰে, গুজৰাট, মধ্য প্ৰদেশ আৰু চট্টীশগড়ত ১৫ বছৰে বিজেপিয়ে শাসন কৰি আছে৷ এই ৰাজ্য কেইখনত কৃষকৰ আত্মহননৰ সংখ্যা তেনেই কম৷ যিসকলে অাত্মহত্যা কৰিছে, সেইসকলে অৱসাদগ্ৰস্ত নাইবা ব্যক্তিগত কাৰণতেই মৃত্যুক আকোঁৱালি লৈছে৷ 

কৰ্ণাটকত কৃষকসকলে যিবিলাক সমস্যাত ডুবি থাকিব লগা হৈছে, ইয়াৰ বাবে অমিত শ্বাহে দোষী সাব্যস্ত কৰে সিদ্ধাৰামইয়া চৰকাৰক৷ ইয়াৰোপৰি দুৰ্নীতিৰ উদাহৰণ দি অধ্যক্ষগৰাকীয়ে কয়, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী সমাজবাদী নেতা যদিও হাতত পিন্ধে ৪০লাখ টকাৰ ঘড়ী৷ ইয়ে হৈছে দুৰ্নীতিৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ উদাহৰণ৷   

মহাৰাষ্ট্ৰৰ সন্দৰ্ভত শ্বাহে কয়, ৰাজ্যখনত বিজেপি চৰকাৰে সদায় কৃষকৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে৷ মহাৰাষ্ট্ৰত বিজেপি শাসনলৈ অহাৰ পাছৰে পৰা কৃষকৰ আত্মহত্যাৰ পৰিমাণ কমি আহিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনৰ লগতে দেশৰ কৃষকৰ উন্নয়ন তথা কল্যাণৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে৷ যাৰ জৰিয়তে বৰ্তমান কৃষকৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত সহায়ক হ’ব৷