গুৱাহাটীঃ গছ-গছনি,বননি ৰক্ষা আৰু পৰিৱেশ আন্দোলন নামে বিখ্যাত চিপকো আন্দোলনৰ প্ৰখ্যাত অগ্ৰগামী নেতা পৰিৱেশবিদ সুন্দৰলাল বহুগুণাই ক'ভিড-১৯ত আক্রান্ত হৈ ৯৪ বছৰ বয়সত শেষ নিঃশ্বাস ত্যাগ কৰে। ৯ মে' ত ক'ভিড-১৯ত আক্রান্ত হোৱা পৰিৱেশবিদ গৰাকীক হৃষীকেশৰ এইমছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশেষত চিকিৎসালয়ত অক্সিজেনৰ স্তৰ হ্ৰাস পোৱাত প্ৰখ্যাত নেতা গৰাকীৰ মৃত্যু হয়।
সুন্দৰলাল বহুগুণাই চিপকো আন্দোলন আৰম্ভ কৰিছিল আৰু তাৰ বাবে নেতা গৰাকীক কৃতিত্ব প্ৰদান কৰা হৈছিল। ১৯৭০ দশকত উত্তৰ প্ৰদেশৰ গাঢ়োৱাল অঞ্চলৰ গাওঁবাসীৰ লগতে যুৱক-বৃদ্ধ, পুৰুষ-মহিলা আটাইকে সাঙুৰি গছ-গছনি আলিঙ্গন কৰি ব্যক্তিগত আৰু চৰকাৰী উদ্যোগসমূহক গছ কটাত বাধা আৰোপ কৰিছিল।
গছ-গছনি, বননি ৰক্ষা আৰু পৰিৱেশ আন্দোলন নামেৰে বিখ্যাত চিপকো আন্দোলনক বিশ্বৰ অন্যতম নাৰীয়ে অংশগ্ৰহণ কৰা আন্দোলন ৰূপে জনা যায়৷ এই আন্দোলন আছিল গণ আন্দোলন৷ স্বাধীন ভাৰতত বহু সামাজিক আন্দোলন হৈছে যদিও চিপকো আন্দোলনক ৰাইজে সদায় বিশেষ দৃষ্টিৰে চাই আহিছে৷
অবিভক্ত উত্তৰ প্ৰদেশৰ বৰ্তমান উত্তৰাখণ্ডত আৰম্ভ হৈছিল চিপকো আন্দোলন৷ প্ৰথমে এই আন্দোলন জীৱিকা আহৰণৰ থলী ৰক্ষাৰ বাবে কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত এই আন্দোলনৰ পৰিৱেশ আৰু বন সংৰক্ষণৰ আন্দোলন হিচাপে জনা গৈছিল৷ বিশ্বৰ অন্যতম অহিংসাৰ আন্দোলন আৰু নাৰীয়ে অংশগ্ৰহণ কৰা আন্দোলন ৰূপে জনা যায় চিপকো আন্দোলনক৷
আন্দোলনক একে সময়তে ভাৰতবৰ্ষৰ বুদ্ধিজীৱী-সমাজ সচেতকসকলে সমৰ্থন কৰিছিল৷ এই আন্দোলনত আদিবাসী, পিছপৰা শ্ৰেণীৰ লোকৰ অধিকাৰৰ কথা উল্লেখ কৰা হৈছিল৷ বন সত্যাগ্ৰহ আন্দোলন ৰূপে বিখ্যাত চিপকো আন্দোলনৰ অন্যতম বৈশিষ্ট্য আছিল এই আন্দোলনত নাৰীয়ে অগ্ৰাধিকাৰ লৈছিল৷
১৯৭৩ চনত ভাৰতবৰ্ষক জোকাৰিছিল চিপকো গণ আন্দোলনে৷ এই চিপকো আন্দোলনত মানুহে একো একো জোপা বৃক্ষক সাৱটি ধৰি বন ৰক্ষা কৰিছিল৷
বিশ্ৰাই নামৰ গাঁৱৰ লোকে প্ৰত্যেকজোপা গছ-গছনিক ৰক্ষা কৰিবলৈ সাৱটি ধৰিছিল৷ যাৰ বাবে এই আন্দোলনৰ নাম দিয়া হৈছিল চিপকো আন্দোলন৷ হিন্দী চিপকো শব্দটোৰ অৰ্থ সাৱটি ধৰা আৰু তাৰ বাবেই এই আন্দোলনৰ নাম দিয়া হৈছিল চিপকো আন্দোলন৷
সুন্দৰলাল বহুগুণা, ছন্দীপ্ৰসাদ ভট্ট আৰু গৌৰাদেৱীৰ নেতৃত্বত আৰম্ভ হৈছিল চিপকো আন্দোলন৷ চিপকো আন্দোলনৰ সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী৷ ১০ বছৰৰ ভিতৰতে এই আন্দোলন বিয়পি পৰিছিল বিভিন্ন ঠাইলৈ৷ ১৯৮০ চনত আন্দোলনকাৰীসকলে হিমালয়ৰ বনাঞ্চল ধ্বংস নকৰিবলৈ প্ৰধানমন্ত্ৰীক বাধ্য কৰোৱাৰ লগতে বনাঞ্চল সুৰক্ষিত কৰাৰ আইন প্ৰণয়ন কৰিবলৈ দাবী উত্থাপন কৰিছিল৷
এই আন্দোলনৰ ফলতেই পৰিৱেশ মন্ত্ৰণালয় খোলা হৈছিল৷ আন্দোলনত অধিক সংখ্যক মহিলাই কোম্পানীৰ পৰা গছক ৰক্ষা কৰিবলৈ সাৱটি ধৰিছিল একোজোপাকৈ গছ৷ ১৯৭৩ চনত তেতিয়াৰ উত্তৰ প্ৰদেশ অলকানন্দা ঘাটৰ মণ্ডল গাঁৱত আৰম্ভ হয় চিপকো আন্দোলন৷ জানিব পৰা মতে, চৰকাৰে পৃষ্ঠপোষকতাতেই থাকিয়েই আদেশ জাৰি কৰিছিল বনাঞ্চল ধ্বংস কৰিবলৈ৷
বিদেশৰ পৰা অহা কোম্পানীক বনাঞ্চল ধ্বংস কৰি খেলৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ মাটি বিক্ৰী কৰাৰ প্ৰচেষ্টা চলাইছিল চৰকাৰে৷ কিন্তু গাঁওবাসীৰ ৰঙা চকু আৰু অদম্য সাহসৰ ফলত কৰা আন্দোলনৰ বাবে বন ধ্বংস কৰিব নোৱাৰিলে চৰকাৰে৷ আন্দোলনৰ গুৰিধৰোতা সুন্দৰলাল বহুগুণা, ছন্দীপ্ৰসাদ ভট্ট আৰু গৌৰাদেৱীৰ দৰে সহস্ত্ৰ লোকে দশোলী গ্ৰাম স্বৰাজ্য সংঘৰ দ্বাৰা এই যুঁজ পাছলৈও অব্যাহত ৰাখিছিল৷