ছাজাহান ছেলিম কুৰেছি​, ৰঙাপৰাঃ শােণিতপুৰ জিলাৰ মিছামাৰি আৰক্ষী থানাৰ অন্তৰ্গত দীঘলজুলি নৈত উদ্ধাৰ হয় এটি কণমাণি শিশুৰ মৃতদেহ। জানিবপৰা মতে দেওবাৰে দুৰ্ভাগ্যক্ৰমে ২ সন্তানসহ দীপিকা তাঁতী নামৰ মহিলাগৰাকী নৈত পৰি উটি গৈছিল। 

নৈৰ বুকুত মহিলাগৰাকীক চটফটাই থকা দেখি স্থানীয় এজন যুৱকে নৈত জাঁপ দি এটি শিশুসহ মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যুৱকজনৰ এনে সাহসিকতাক আটায়ে প্ৰশংসা কৰে।

কিন্তু দুখজনক ঘটনা মহিলাগৰাকীৰ ডেৰ বছৰীয়া আনটাে শিশু নৈৰ কােবাল সােঁতত বহু দূৰলৈ উটি গৈছিল। অশেষ চেষ্টা কৰিও শিশুটিক উদ্ধাৰ কৰিব পৰা নগ’ল। ঘটনাস্থলীত এচডিআৰ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই যদিও এচডিআৰ বাহিনীও ব্যৰ্থ হৈ পৰে। 

সোমবাৰে পুৱাৰ ভাগত স্থানীয় কিছু লােকে শিশুটিৰ মৃতদেহ নৈত উপঙি থকা দেখি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণােত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।