গুৱাহাটীঃ পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই চাৰ্জিকেল ষ্ট্ৰাইক চলোৱাৰ এবছৰ অন্তত ভাৰতীয় সেনাই পুনৰ চাৰ্জিকেল ষ্ট্ৰাইক চলোৱা পৰিলক্ষিত হৈছে৷ এইবাৰ চিৰশত্ৰু পাকিস্তানৰ বিৰুদ্ধে নহয় এইবাৰ সেনাই অভিযান চলাইছে নিজ দেশৰ বিদ্ৰহীৰ বিৰুদ্ধে আনৰ দেশত৷ হয়, ম্যানমাৰত NSCNৰ শিবিৰত আক্ৰমণ কৰি মোক্ষম আঘাত সেনাই৷ ভাৰত-ম্যানমাৰ সীমান্তত বুধবাৰে গভীৰ নিশা অতৰ্কিতে অভিযান চলাই ভাৰতীয় সেনাই৷

সেনাৰ পেৰা কমাণ্ডোৱে চলোৱা অভিযানত উত্তৰ পুৰ্বাঞ্চলৰ নগা বিদ্ৰোহী সংগঠন NSCN খাপলাঙৰ বহু কেডাৰৰ মৃত্যু হোৱা বুলি সেনাই দাবী কৰে৷ বিদ্ৰোহী সংগঠনটোৰ ম্যানমাৰৰ অটব্য জংঘলত থকা শিবিৰৰ ব্যাপক ক্ষতি হোৱাৰ লগতে বহু কেডাৰ আহত হোৱা বুলিও দাবী কৰে সেনাই৷ ম্যানমাৰ সীমাত চাৰ্জিকেল ষ্ট্ৰাইক চলালেও ম্যানমাৰৰ ভিতৰলৈ সোমাই যোৱা নাই বুলি প্ৰকাশ কৰে সেনাই৷ ভাৰতীয় সেনাই ইষ্টাৰ্ন কমাণ্ডাৰে এক বিবৃতি চাৰ্জিকেল ষ্ট্ৰাইকৰ খবৰ ৰাজহুৱা কৰে৷

২০১৫ চনতো ম্যানমাৰ চৰকাৰৰ সহযোগত ভাৰতে ম্যানমাৰ সেনাৰে যৌথ অভিযান চলাইছিল নগা বিদ্ৰোহী সংগঠন NSCN খাপলাঙৰ বিৰুদ্ধে৷ সেই অভিযানৰ পৰিকল্পনা ৰচিছিল খোদ NSA প্ৰধান অজিত ডোভালে৷ অতৰ্কিতে চলোৱা অভিযানত বিস্তৰ ক্ষতি হোৱা বুলি কয় সেনাই৷ আক্ৰমণ কৰি ভাৰতীয় জোৱাই কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ উভতি আহে৷ সেনাৰ বিবৃতিত এনেদৰে কয় "Heavy casualties reportedly inflicted on NSCN(K) cadre. No casualties suffered by Indian Security Forces— EasternCommand_IA (@easterncomd) September 27,2017"৷

ম্যানমাৰৰ দুৰ্গম এলেকাত ঘাটি পাতি দেশ বিৰোধি কাৰ্যকলাপ তথা মণিপুৰ, নগালেণ্ডত বিভিন্ন সময়ত সাধাৰন নাগৰিক-সেনা বাহিনীৰ ওপৰত ওপৰত আক্ৰমণ কৰি আহিছে NSCN খাপলাঙে৷ সেনাৰ মতে, আক্ৰমণ সংঘটিত কৰাৰ পিছতে NSCNৰ একাংশ বিদ্ৰোহা পলায়ন কৰে৷ ২০১৫ চনত NSCNৰ আক্ৰমণত ভাৰতীয় সেনাৰ ১৮গৰাকী জোৱান শ্বহীদ হৈছিল৷ উত্তৰ-পুৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনটোৰ বিৰুদ্ধে ভাৰতীয় সেনাই সময়ে সময়ে এনেদৰে অভিযান অব্যাহত ৰাখিছে৷ চলিত বছৰৰ আগষ্ট মাহতো ইন্দো-ম্যানমাৰ সীমান্তত সেনাই NSCNৰ শিবিৰত আক্ৰমণ কৰে৷ বৃহৎ সংখ্যাক AK-47 আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল সেনাই৷