ডিজিটেল ডেস্কঃ পৰ্যটনৰ মানচিত্ৰৰ পৰা বাদ পৰিল বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহ৷ কেৱল ভাৰতৰে নহয় এছিয়া মহাদেশৰ গৌৰৱ তাজমহলক উত্তৰ প্ৰদেশ চৰকাৰে পৰ্যটন ক্ষেত্ৰত স্থান নিদিয়াত যোগী আদিত্য নাথ চৰকাৰৰ বিৰুদ্ধে বিতৰ্কৰ সৃষ্টি হৈছে৷ মোগলৰ শাসন কালৰ নিৰ্মাণ কৰা ঐতিহ্যমণ্ডিত তাজমহল পৰিদৰ্শন কৰিবলৈ প্ৰতিবছৰে ৬০ লাখ বিদেশী পৰ্যটক আহে ভাৰতলৈ৷ ভাৰতলৈ অহা প্ৰতিগৰাকী বিদেশী পৰ্যটকে এবাৰ হ'লেও তাজমহল পৰিদৰ্শন কৰিব ইচ্ছা কৰে৷
কিন্তু তাজমহল যিখন ৰাজ্যত আছে সিখন ৰাজ্যৰ চৰকাৰে তাজমহলক গুৰুত্ব আৰোপ নকৰা বিষয়টোৱে ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উত্তৰ প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগে ৩২ পৃষ্ঠাৰ এখন বুকলেট প্ৰকাশ কৰে যদিও বুকলেট খনত তাজমহলৰ নাম উল্লেখ নাই৷ বুকলেট খনত ৰাজ্য খনৰ আন আন ঠাইৰ পৰ্যটনৰ ক্ষেত্ৰ সমূহ প্ৰতিচ্ছবি সহ নাম উল্লেখ কৰে৷ বেনাৰসৰ গংগা আৰতিৰ আলোকচিত্ৰ, গোৰখপুৰৰ মন্দিৰৰ কথা উল্লেখ আছে৷
কিন্তু তাজমহলৰ কোনো কথা উল্লেখ নাই৷ বিশ্ব পৰ্যটন দিৱসত উক্ত বুকলেট খন ৰাজ্যৰ পৰ্যটন মন্ত্ৰী ৰীতা বহুগুনা যোশীয়ে মুকলি কৰে৷ পৰ্যটন মন্ত্ৰীয়ে তাজমহল সদায় উত্তৰ প্ৰদেশৰ পৰ্যটন ক্ষেত্ৰত থাকিব বুলি কয়৷ উত্তৰ প্ৰদেশৰ প্ৰৰ্যটন বিষয়া অবনিশ অৱস্থিয়ে পুষ্টিকা খনত নাম নোহোৱাটো ভুল বুলি কয়৷ উত্তৰ প্ৰদেশ চৰকাৰে বিষয়টোক গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ এটি বিবৃতি যোগে মুখ্যমন্ত্ৰী আদিত্য নাথে কয় "ভাৰতীয় সংস্কৃতিৰ প্ৰতিক গীতা আৰু ৰামায়ণ হে৷ তাজমহল ভাৰতীয় সংস্কৃতিৰ অংশ নহয়" বুলি কয়৷