newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে অভিনেতা ৰজনীকান্তে টুটিকোৰিন সংঘৰ্ষত আহত লোকসকলৰ সাক্ষাতৰ বাবে মেডিকেলত উপস্থিত হয়৷ ইয়াৰ পিছতে অভিনেতা গৰাকীয়ে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰে৷ বাৰ্তালাপত তেওঁ ষ্টাৰ লাইট সংস্থাটোৰ সমালোচনা কৰি কয় যে তেনে সংস্থা অতি শীঘ্ৰে বন্ধ কৰি দিয়া উচিত৷ উল্লেখ্য যে, দক্ষিণৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে শেহতীয়াকৈ ৰাজনীতিত খোজ দিছে৷
টুটিকোৰিন সংঘৰ্ষৰ বাবে ৰজনীকান্তে ৰাজ্যখনৰ প্ৰশাসনিক ব্যৱস্থাক দোষাৰোপ কৰে৷ তেওঁ কয় যে হিংসাৰ সৈতে জৰিত লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ লগতে অভিনেতা গৰাকীয়ে সংঘৰ্ষৰ সময়ত প্ৰতিবাদীৰ ওপৰত গুলিচালনা কৰিবলৈ নিৰ্দেশ দিয়া আৰক্ষী বিষয়াৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনায়৷ তেওঁ কয়, ‘লোকসকলে কিবা কাৰণত প্ৰতিবাদ সাব্যস্ত কৰি আছিল৷ সেই সময়ত আৰক্ষীয়ে সংযম বৰ্তাই ৰখাটো উচিত আছিল৷’
ইফালে অভিনেতাগৰাকীয়ে পাকে প্ৰকাৰে ৰাজ্য চৰকাৰৰ সপক্ষেও মন্তব্য কৰা দেখিবলৈ পোৱা যায়৷ তেওঁ কয় যে সকলো ঘটনাতে চৰকাৰৰ পৰা পদত্যাগ বিচৰা কোনো কাৰ্যৰ সমাধান নহয়৷ এই ঘটনা চৰকাৰৰ বাবে এক ডাঙৰ শিক্ষা৷ কোনেও এনে এটি হিংসাত্মক ঘটনা সংঘটিত হ’ব বুলি অনুমান কৰা নাছিল৷ লগতে ৰজনীকান্তে কয় যে মানুহে সকলো কথাই জানে আৰু সময় আহিলে এই ঘটনাৰ আঁৰৰ ৰহস্যও ফাদিল হ’ব৷ আনহাতে গুপ্ত বিভাগে এই ঘটনাৰ তদন্তৰ ৰিপোৰ্ট প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰে ৰজনীকান্তে৷
বুধবাৰে হস্পিতালত উপস্থিত হৈ দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে টুটুকোৰিন সংঘৰ্ষত আহত সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ পূৰ্বে ২৩ মে’ত তেওঁ টুইটাৰ যোগে এটা ভিডিঅ’ শ্বেয়াৰ কৰি শান্তি সম্প্ৰিতি বৰ্তাই ৰখাৰ বাবে ৰাজ্যবাসীক আহ্বান জনাইছিল৷
উল্লেখ্য যে, তামিলনাডুৰ টুটিকোৰিনত ষ্টাৰলাইট প্লান্ট নামৰ এটি সংস্থা বন্ধ কৰাৰ দাবীত ৰাজ্যখনত বিগত ৩ মাহ ধৰি বিৰোধ প্ৰদৰ্শণ কৰা হৈছিল৷ কিন্তু জনসাধাৰণে প্ৰদৰ্শন কৰা প্ৰতিবাদ ২২ মে’ত হঠাৎ হিংসাত্মক হৈ পৰে৷ আৰক্ষীৰ নিৰ্বিচাৰ গুলিচালনাত ১৩ গৰাকী প্ৰতিবাদকাৰী নিহত হোৱাত পৰিস্থিতিয়ে অতি ভায়বহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয়৷