তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কচুৱাৰীস্থীত মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত ইতিহাস প্ৰসিদ্ধ ৫১৯ সংখ্যক গৰখীয়া সবাহ মহোৎসৱ শনিবাৰৰপৰা অৰ্থাৎ ১৬ মাৰ্চ শনিবাৰৰপৰা পাঁচ দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে।
সবাহৰ আজি দ্বিতীয় দিনাও তামুলপুৰ মহকুমাৰ উপৰিও ৰঙিয়া, নলবাৰী, গুৱাহাটী, তেজপুৰ আদিকে ধৰি অসমৰ ইমূৰৰপৰা সিমূৰ ব্যাপি ভিন্ন প্ৰান্তৰপৰা অহা ভক্তপ্ৰাণ ৰাইজৰ উপৰিও ভাৰতৰ ভিন্ন ৰাজ্যৰপৰা অহা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে এই ইতিহাস প্ৰসিদ্ধ মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰৰ চৌহদত।
ৰাতিপুৱাৰে পৰা হাজাৰ হাজাৰ পুৰুষ-মহিলা, যুৱক-যুৱতীসহ ভক্তই হাতে হাতে ধুপ, চাকি, ফুল, নৈবদ্য লৈ শাৰী পাতি মহাপ্ৰভূ গোপাল আৰু জগন্নাথ প্ৰভূৰ ওচৰত আঁঠু লৈ শৰাই আগবঢ়াই চাকি-বন্তি জ্বলাই নিজৰ নিজৰ মনৰ কামনা পূৰণ কৰাৰ বাবে আঠু লোৱা দেখা গৈছে। কিম্বদন্তি অনুসৰি মহাপ্ৰভু গোপাল আৰু জগন্নাথৰ ওচৰত আঠু লৈ শৰাই আগবঢ়ালে নিজৰ মনৰ বাঞ্চা পূৰণ হোৱাৰ উপৰিও পৰিয়াললৈ সুখ-শান্তি নামি আহে, দূৰ হয় বেমাৰ-আজাৰো।
বৃহত্তৰ অঞ্চলটোৰ অসমীয়া, ৰাভা, বড়ো, শৰণীয়া-কোছাৰী, নেপালী, বাঙালী, আদিবাসী, কোচ-ৰাজবংশী, হাজং, আদিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ তীৰ্থভূমিত পৰিণত হৈ পৰিছে বাক্সা জিলাৰ এই মহাপ্ৰভূ গোপাল আৰু জগন্নাথ থান সত্ৰ চৌহদ। নাম-প্ৰসংগ, শংখ-ঘণ্টাৰ ধ্বনিৰে সৃষ্টি হৈছে এক আধ্যাত্মিক পৰিৱেশৰ। থান সত্ৰখনলৈ অহা ভক্তসকলে জানিব দিয়া মতে বিয়াৰ পিছত সন্তান নোহোৱা দম্পতীয়ে সন্তান লাভ কৰিবলৈ সক্ষম হৈছে গোপাল আৰু জগন্নাথ মহাপ্ৰভূৰ চৰণত শৰাই আগবঢ়াই আঠু লোৱাত।
কোনোৱে লাভ আকৌ লাভ কৰিছে নিজৰ মনৰ কামনা অনুসৰি পুত্ৰ সন্তানো। এই মহিমামণ্ডিত থান সত্ৰখনত চুৰি কাৰ্য্য চলাই মৃত্যুক সাৱতি ল’বলগীয়া হৈছে দুৰ্বৃত্তই। আনকি অতীজত ভূটীয়াসকলে থান সত্ৰখনত আক্ৰমণ চলাই বহু ভূটীয়াইও অকাল মৃত্যক সাৱতি ল’বলগীয়া হৈছিল বুলি অঞ্চলটোৰ ৰাইজৰ মুখে মুখে প্ৰকাশ।
এনেবোৰ মহিমাৰ বাবেই বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ এই অন্যতম ইতিহাস প্ৰসিদ্ধ মহাপ্ৰভূ গোপাল আৰু জগন্নাথ থান সত্ৰৰ এই গৰখীয়া সবাহলৈ প্ৰতিবছৰে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে হেজাৰ হেজাৰ ভক্তৰ সমাগম ঘটে। আপুনিও ভক্তিভাৱেৰে এই মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰ খনলৈ আহি নিজৰ মনৰ কামনা পূৰ্ণ কৰাৰ উপৰিও লাভ কৰিব পাৰে মনৰ শান্তি। আহক আপোনাৰ লগতে আপোনাৰ পৰিয়াল-স্বজন আৰু আধ্যাত্মিক পৰিবেশত লাভ কৰক মনত অনাবিল শান্তি।