তামুলপুৰঃ হাগ্ৰামাৰ বি টি চিক ঘৰিয়াল আখ্যা দিয়ে সাংসদ নৱ কুমাৰ শৰণীয়াই৷ তামুলপুৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ নিৰ্বাচনী ৰণশিঙা৷ নিৰ্বাচনী কাৰ্যলয় মুকলি কৰি সাংসদ গৰাকীয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি ৰাইজক তেওঁৰ নিৰ্বাচনী প্ৰতীক টৰ্চ লাইটৰ ছবিত ভোট দিবলৈ মুকলি আহ্বান জনায়৷ 

নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিত কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দীতাত নাহে বুলি দাবী কৰে৷ লগতে কয় যে তেওঁ দ্বিতীয়বাৰৰ বাবে এগৰাকী সাধাৰণ সেনা জোৱানৰ সন্তান হৈ ৰাইজৰ সেৱা কৰি যাবলৈ নিৰ্বাচনত অবতীৰ্ন হৈছে৷ 

‘ৰাজনীতি মোৰ নিচাও নহয় পেছাও নহয়৷ একমাত্ৰ ৰাইজৰ প্ৰয়োজনত নিৰ্বাচন খেলিছো৷ বি টি চিৰ অবড়ো ৰাইজ নিজৰ প্ৰাপ্যৰপৰা বঞ্চিত হৈ আছে৷ সেয়ে মই অকল বি টি চিৰ জনসাধাৰণৰ সুৰক্ষা নিৰাপত্তা নিশ্চিত কৰাৰ কাৰনেহে ৰাজনীতি কৰিছো৷ অবড়ো ৰাইজে কোনো মূল্যৰ বিনিময়ত বিক্ৰী হোৱা মানুহ নহয়৷ সেয়েহে মই দ্বিতীয়বাৰৰ বাবে সংসদলৈ এই ৰাইজৰ ভোটেৰে জয়যুক্ত হ’ম বুলি কয় প্ৰাৰ্থীজনে৷

কাৰ্যালয় মুকলি কৰাৰ পূৰ্বে তামুলপুৰৰ ৰাজপথত নৱ কুমাৰ শৰণীয়াই তেওঁৰ মাতৃক লগত লৈ সমৰ্থক সকলে এক সমদল উলিয়ায়৷ সমৰ্থকসকলে নৱ কুমাৰ শৰণীয়া জিন্দাবাদ, নৱ কুমাৰ শৰনীয়াক টৰ্চৰ ছবিত ভোট দিয়ক আদি শ্ল’গান দি তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে৷

শেষত নৱ কুমাৰৰ মাতৃয়ে কয় যে ভাৰতীয় সেনা জোৱানৰ পুত্ৰ হৈ দেশৰ সেৱা কৰি যাব তেওঁৰ পুত্ৰই৷ এই আশীৰ্বাদ দি স্বামীয়ে এসময়ত সেনাৰ জোৱান হিচাপে চীন আৰু বাংলাদেশৰ স’তে যুদ্ধ কৰি দেশৰ সেৱা কৰি গৈছে৷ সেয়ে আজি তেওঁৰ পুত্ৰ হৈ নৱ কুমাৰ শৰণীয়াই দেশৰ সেৱা কৰি যাব বুলি ৰাইজৰ আগত প্ৰকাশ কৰে৷