তামুলপুৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ দাবী আৰু আপত্তি নিস্পত্তি কৰণ পৰ্যায়ত একাংশ দল, সংগঠনে ষড়যন্ত্ৰমূলক ভাৱে ধৰ্মীয় সংখ্যালঘু ৰাইজক শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তামুলপুৰ জিলা এ বি এমছুৱে। এক প্ৰেছ বিবৃতি যোগে তামুলপুৰ জিলা এ বি এমছুৱে এই সন্দৰ্ভত কয় যে অসমত এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাত বাধা দিয়াৰ উদ্দেশ্যে বিভিন্ন ভিত্তিহীন আৰু মনেসজা আপত্তি দাখিল কৰা পৰিলক্ষিত হৈছে।
সমগ্ৰ অসমৰৰ লগতে বিশেষকৈ তামুলপুৰ মহকুমাত অৱসৰপ্ৰাপ্ত শিক্ষক, বিভিন্নজন সমাজৰ নেতৃস্থানীয় ব্যক্তিৰ বিৰুদ্ধে একাংশ আছু কৰ্মীয়ে ভিত্তিহীনভাৱে আপত্তি দাখিল কৰিছে। বহুক্ষেত্ৰত এনে আপত্তিৰ শুনানি কালত আপত্তিকাৰী আছু কৰ্মীজন উপস্থিত নথকাত প্ৰকৃত সত্য পোহৰলৈ আহিছে।সেয়েহে তামুলপুৰ জিলা এ বি এমছুৱে বাক্সা জিলা আছুক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে। যদি সঁচাকৈয়ে এন আৰ চিৰ চূড়ান্ত খচৰাত বিদেশীৰ নাম অন্তৰ্ভূক্ত হৈছে তেন্তে সেয়া তথ্য সহ প্ৰমাণ কৰি তেনে বিদেশীৰ নাম তামুলপুৰ জিলা এ বি এমছুৱেও বিচাৰিছে। কিন্তু একমাত্ৰ নাম আৰু উপাধিৰ বাবেই সন্দেহৰ ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকক কৰা হাৰাশাস্তি কেতিয়াও মানি লোৱা নহ'ব।
সেইভুৱা আপত্তিকাৰীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিববলৈ ৰাইজ বদ্ধপৰিকৰ। ৰাজ্যৰ অন্যতম বৃহৎ ছাত্ৰ সংগঠন আছুুৰ এনে অদূৰদৰ্শী কৰ্মকাণ্ডই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলাব পাৰে। কাৰণ আছু আৰু সহযোগী ছাত্ৰ সংগঠনৰ নেতৃত্বত দাখিল কৰা এই সমূহ আপত্তি একমাত্ৰ নাম আৰু উপাধি চাইহে তথ্যহীন ভাৱে দাখিল কৰাটো পৰিলক্ষিত হৈছে।
এসময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ পুথিমাৰী আঞ্চলিকৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা তথা কুমাৰীকাটা এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাছিৰুদ্দিন আহমেদৰ দৰে শিক্ষাবিদ এজনৰ নামতো আপত্তি দাখিল হোৱাটো ইয়াকেই প্ৰমাণ কৰিছে। এ বি এমছুৱে এখন শুদ্ধ, আইন সন্মত এন আৰ চি প্ৰস্তুত হোৱাটো বিচাৰে বুলি উল্লেখ কৰি এই প্ৰক্ৰিয়াত ভূৱা আপত্তিৰে বেমেজালিৰ সৃষ্টি কৰি প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা কাৰ্যক গৰিহণা দিয়ে, লগতে এন আৰ চি কৰ্তৃপক্ষক ভূৱা আপত্তি সমূহ খাৰিজ কৰিবলৈ দাবী জনাইছে। ইপিনে তামুলপুৰ জিলা এ বি এমছুৱে আজি বাক্সা জিলা ডি আৰ চি আৰলৈ এই সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। ইপিনে শিক্ষক গৰাকীয়ে সংবাদ মাধ্যমক আগত তেওঁ এজন প্ৰাক্তন ছাত্ৰ নেতা হিচাপে দুখ প্ৰকাশ কৰি তেওঁৰ উপৰত দিয়া অভিযোগ উঠাই লবলৈ আহ্বান জনাইছে।