প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনে বৃদ্ধি পাইছে ধৰ্ষণ-নিৰ্যাতন কাণ্ড৷ কেৱল দেশৰ ভিতৰৰ যুৱতী-মহিলাই যে ধৰ্ষণ কাণ্ডৰ বলি হৈছে তেনে নহয়, নিৰ্যাতনৰ বলি হৈছে দেশৰ বাহিৰৰ পৰা ভাৰতবৰ্ষৰ নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ অহা মহিলা পৰ্যটকো৷ 

দেশৰ নৈসৰ্গিক শোভাৰ অন্যতম পৰ্যটনস্থলী মানালিত এগৰাকী জাপানী মহিলা পৰ্যটকক ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীয়ে এজন টেক্সি চালকক আটক কৰে৷ বৃহস্পতিবাৰে থানাত অভিযোগ দাখিল কৰি ৩০ বছৰীয়া বিদেশী মহিলাগৰাকীয়ে এজন টেক্সি চালকৰ কামনাৰ বলি হোৱা বুলি অভিযোগ কৰে৷

কুলুৰ আৰক্ষী অধীক্ষক শালিনী অগ্নিহোত্ৰীয়ে জানিবলৈ দিয়া মতে নিৰ্যাতিতা বিদেশী মহিলাগৰাকীৰ অভিযোগ অনুসৰি অভিযুক্ত টেক্সি চালক জনে তেওঁক মানালিৰ জংঘলৰ মাজৰ এক নিৰিবিলি ঠাইলৈ নি ধৰ্ষণ কাণ্ড সংঘটিত কৰে৷ মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে দাপক নামৰ টেক্সি চালকজনক শনিবাৰে কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ 

নিৰ্যাতিতা পৰ্যটকগৰাকীয়ে আৰক্ষীৰ আগত অৱগত কৰা অনুসৰি তেওঁ ২৯ মে’ত মানালিত উপস্থিত হয়৷ ৩০ মে’ত তেও মানালিৰ ধৰ্মশালাত উপস্থিত হোৱাৰ কথা আছিল যদিও ধৰ্মশালালৈ যোৱা বাছখন ধৰিব নোৱাৰে৷ মানালিৰ সৌন্দৰ্য উপভোগ কৰাৰ মানসেৰে তেওঁ এখন টেক্সি ভাড়া কৰে৷ 

পিছত দীপক নামৰ টেক্সি চালকজনে মহিলা পৰ্যটকগৰাকীক কুলুলৈ লৈ যায় আৰু ধৰ্ষণ কাণ্ড সংঘটিত কৰে৷