গুৱাহাটীঃ ধনৰ বিনিময়ত চাকৰি দিয়াৰ প্ৰলোভনেৰে ৰাজ্যৰ বহু নিবনুৱাৰপৰা টকা সংগ্ৰহ কৰা প্ৰৱঞ্চকক হাতে-লোটে কাৰায়ত্ত কৰা হয় গুৱাহাটীত। শুকুৰবাৰে নিশা দিছ্পুৰ ছুপাৰ মাৰ্কেটত ৰাইজে কাৰায়ত্ত কৰা প্ৰৱঞ্চকটোৰ নাম নুৰ ইছলাম লস্কৰ। ধৃত নুৰ ইছলামৰ ঘৰ শিলচৰত। 

উল্লেখ যে ধৃত প্ৰৱঞ্চকটোৱে নিবনুৱা যুৱকক চাকৰিৰ দিয়াৰ নামত সংগ্ৰহ কৰিছিল ৫০ৰপৰা ৫৫ হাজাৰ টকাকৈ। নলবাৰী, বৰপেটা, মুকালমুৱা আদিৰ বহু যুৱকক ডুবাইত চাকৰিৰ দিয়াৰ প্ৰলোভনেৰে প্ৰৱঞ্চক নুৰ ইছলাম লস্কৰে সংগ্ৰহ কৰিছিল ধন। 

তাৰ পাছত ধৃত প্ৰৱঞ্চকটোৱে ধন সংগ্ৰহ কৰি দীর্ঘদিন ধৰি আত্মগোপন কৰি আছিল। অৱশেষত শুকুৰবাৰে নিশা প্ৰৱঞ্চকটোক ৰাইজে দিছপুৰ ছুপাৰ মাৰ্কেটত ধন সংগ্ৰহ কৰি থাকা অৱস্থাত হাতে-লোতে ধৰি উত্তম-মধ্যম সোধাই দিছপুৰ আৰক্ষীক গতাই দিয়ে।

পাছত দিছ্পুৰ আৰক্ষীয়ে ধৃত নুৰ ইছলাম লস্কৰ গ্ৰেপ্তাৰ কৰি থানালে লৈ যায়। বৰ্তমান ধৃত প্ৰৱঞ্চকতো বিৰূদ্ধে দিছ্পুৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।