গুৱাহাটীঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

‘‘২০২০ বর্ষৰপৰা ৰাজ্যৰ উচ্চতৰ মাধ্যমিকত হ’ব গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। সেই অনুসৰি ৰাজ্যৰ মহাবিদ্যালয়সমূহৰপৰা সম্পূৰ্ণ পৃথক কৰা হ’ব উচ্চতৰ মাধ্যমিক শাখা।’’ অৰ্থাৎ কোনো বিশ্ববিদ্যালয়ৰ অধীনত নাথাকিব উচ্চতম মাধ্যমিক শাখা। ফলত বিশ্ববিদ্যালয়সমূহ কেৱল স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ দায়িত্ব থাকিব।

ইয়াৰ উপৰি তেওঁ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি আৰু কয়, উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সংস্কাৰৰ বাবে ২০২০ বর্ষৰপৰা উচ্চতৰ মাধ্যমিক প্ৰতিটো পৰীক্ষা হলত যাতে নকল প্ৰয়োভৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰি তাৰ বাবে পৰীক্ষাৰ কেন্দ্ৰসমূহত ম’বাইল ফোন নিষ্ক্ৰিয় কৰা ‘জেমাৰ’ ব্যৱহাৰ কৰিব।

আনহাতে আজি এই অনুষ্ঠানতে বিগত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাতে স্থান পোৱা প্ৰতিগৰাকীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক স্বৰ্ণ পদক প্ৰদান কৰা হয় অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰপৰা। লগতে আজিৰ অনুষ্ঠানত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যলয়ৰ সহ-অধীক্ষক মৃদুল কুমাৰ শৰ্মাক শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ‘মেন অব দ্য য়েৰ’ বঁটা প্ৰদান কৰে।

আনহাতে প্ৰতিষ্ঠা দিৱস লগত সংগতি ৰাখি ‘সাম্প্ৰতিক +২ স্তৰৰ শিক্ষা ধাৰা আৰু সংস্কাৰৰ প্ৰয়োজনীয়তা’ বিষয়ত এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত বিষয়ত বক্তৃতা প্ৰদান কৰে অৱসৰপ্ৰাপ্ত অধ্যাপিক, ৰাষ্ট্ৰীয় শিক্ষা, পৰিকল্পনা আৰু প্ৰশাসনীয় প্ৰতিষ্ঠান দিল্লীৰ ডক্টৰ নীলম সুদে। 

এই অনুষ্ঠানত উপস্থিত থাকে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সঞ্চালক ডক্টৰ দয়ানন্দ পাঠক, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ উত্তৰ-পূবৰ উপ-সঞ্চালক কিশোৰ কুমাৰ চৌধুৰী।