গুৱাহাটীঃ ২০১৮-১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে।

১৫ মে'ত ছেবাই ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল। ছেবাই জানিবলৈ দিয়া অনুসৰি পূৰ্বৰ বছৰৰ দৰে এইবাৰো দিনৰ ৯ বজাত ঘোষণা কৰা হ’ব পৰীক্ষাৰ ফলাফল। 

ফলাফল ঘোষণা কৰাৰ বাবে ছেবা কৰ্তৃপক্ষই ১০ টা বিশেষ ৱেবছাইটৰ ব্যৱহাৰ কৰিব বুলি ইতিমধ্যে কিছুদিনৰ পূৰ্বে ঘোষণা কৰিছিল।

আনহাতে পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে এছএমএছৰ জৰিয়তেও লাভ কৰিব পাৰিব ফলাফল। আনহাতে ছেবা কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি ফলাফল ঘোষণা দিনা দিনৰ ১১ বজাত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিদ্যালয়ত লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট।

উল্লেখ যে এইবাৰ মেট্ৰিক আৰু হাইমাদ্ৰাছৰ পৰীক্ষাত মুঠ ৩ লাখ ৫৪ হাজাৰ ১৪৩ গৰাকীৰ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে। শনিবাৰে ছেবা ব’ৰ্ডৰ সভাত ঘোষণা কৰা হৈছে পৰীক্ষাৰ ফলাফলৰ নিৰ্দিষ্ট দিনটো।

আনহাতে এই বর্ষৰ ছেবাই পূৰ্বৰ বছৰসমূহৰ দৰে ফলাফল ঘোষণাত যাতে কোনো ভুল ৰৈ নাযায় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিছে।