গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ উত্তেজনাৰ মাজত শনিবাৰে (২৫ মে’) ঘোষণা কৰা হ’ব ছাত্ৰজীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। পৰীক্ষাৰ শেষ হোৱাৰ ৭১ দিনৰ ভিতৰত এইবাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল।
উল্লেখ যে শনিবাৰে পুৱা ৯ বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল। ইফালে প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে যাতে ফলাফলসমূহ সহজে লাভ কৰিব পাৰে তাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফল ঘোষণা বাবে নিৰ্দিষ্ট কৰিছে ১৩ টাকৈ ৱেবছাইট।
সেই ৱেবচাইট কেইটা হৈছেঃ
hsinfo.in
ahsec.nic.in
indiaresults.com
knowyourresult.com
examresults.net
results.shiksha
exametc.com
schools9.com
assamresults.in
iresults.net
eduassam.com
assam.shiksha
assamonline.in
ইয়াৰ উপৰি পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে Via app নামৰ এটা ম’বাইল এপছৰ জৰিয়তে ফলাফল ঘোষণাৰ ব্যৱস্থা কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। সেই এপছৰ জৰিয়তে ফলাফল লাভ কৰিবলৈ হ’লে প্ৰথমে গুগল প্লে' ষ্ট’ৰৰপৰা নিৰ্দিষ্ট এপছটো নিজৰ ম’বাইলত ডাউনলোড কৰিব লাগিব। তাৰ পাছত পৰীক্ষাৰ এডমিটত থকা ৰেজিছট্ৰেশ্ব্যন নম্বৰ আৰু নিজৰ ৰোল নম্বৰ টাইপ কৰি লাভ কৰিব পাৰিব নিজৰ ফলাফল।
উল্লেখ কৰিছে যে এইবাৰ ৰাজ্যৰ মুঠ ২,৪২,৮৪৩ গৰাকীৰ পৰীক্ষাৰ্থী উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱৰ্তীণ হৈছে। তাৰে ১,৮৬,১৮৭ গৰাকী কলা শাখাত, ৩৭,৪৫৫ গৰাকীৰ বিজ্ঞান শাখাত, ১৮,২৯১ গৰাকীৰ বাণিজ্যি শাখাত আৰু ৯১০ গৰাকীৰ কাৰিকৰী শাখাত অৱৰ্তীণ হৈছে। একেদৰে এইবাৰ পৰীক্ষাৰ মুঠ ৭৭২ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল আৰু পৰীক্ষাৰ বহীসমূহৰ মূল্যাংকন ৪৮ টা জ’নত সম্পূৰ্ণ কৰা হৈছিল।