গুৱাহাটীঃ অসম অনুসূচীত জাতি যুৱ-ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ৰাজ্যিক ভিত্তিত সতী ৰাধিকা দিৱস উদযাপন কৰা হ’ব।

অহা ১৮ মে'ত দিনজোৰা কাৰ্যসূচীৰে সংগঠনটোৱে গুৱাহাটীৰ অসম সাহিত্য সভাৰ জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদনত উদযাপন কৰা হ’ব। এই কথা এক সংবাদ মেলৰ জৰিয়তে বৃহস্পতিবাৰে জানিবলৈ দিয়ে সংগঠনটোৱে।

গুৱাহাটী প্ৰেছ ক্লাবত অসম অনুসূচীত জাতি যুৱ-ছাত্ৰ সন্থা সভাপতি নিপেন দাসে কয় ২০১৩ চনৰপৰা সংগঠনটোৱে ৰাজ্যিক ভিত্তিত আয়োজন কৰি আহিছে সতী ৰাধিকা দিৱস। মহীয়সী নাৰীগৰাকীৰ স্মৃতি চিৰযোগমীয়া কৰাৰ বাবে ৰাজ্যখনৰ একোগৰাকীৰ বৰেণ্য ব্যক্তিক প্ৰতি বছৰে সংগঠটোৱে প্ৰদান কৰি আহিছে সতী ৰাধিকা বঁটা।

সেই অনুসৰি সংগঠটোৱে ২০১৯ বর্ষৰ বাবে সতী ৰাধিকা বঁটা প্ৰদান কৰিব বিশিষ্ট লেখিকা তথা সাহিত্যিক নিৰুপমা বৰগোহাঞিক। অহা ১৮ মে'ত সতী ৰাধিকা দিৱসৰ দিনাই বিশিষ্ট সাহিত্যিক গৰাকীক প্ৰদান কৰিব লগা বঁটাত আছে ২০ হাজাৰ টকা, শৰাই, মানপত্ৰ আৰু গামোচা।

ইয়াৰ উপৰি সংবাদ মেলত সংগঠনটোৰ দাবী কৰে যে সতী ৰাধিকাৰ জন্মদিনটো চৰকাৰী বন্ধ ঘোষণাৰ কৰিব লাগে অসম চৰকাৰে।