গুৱাহাটীঃ হিমন্তক মই নচোৱাম বুলি কৈছিলোঁ, এতিয়া নচোৱাই আছোঁ। তেজপুৰত নচাৰ পাছত গুৱাহাটীতো নাচিব লাগিব কৈছিলোঁ, এতিয়া নাচিছে। নাচোতে উজুটিও খাইছে, কিন্তু নাচিয়েই আছে।

এই মন্তব্য তেজপুৰৰ বিজেপি সাংসদ তথা বিজেপি জ্যেষ্ঠ নেতা আৰ পি শৰ্মাৰ। লোকসভাৰ নিৰ্বাচনত বিজেপিৰপৰা প্ৰাৰ্থিত্ব নাপাই জ্যেষ্ঠ নেতাগৰাকীয়ে ক’লা কোট পৰিধান কৰি পুনৰ ওভতি আহিছে অধিবক্তা পেচালৈ।

আজি পুৱাই গুৱাহাটী উচ্চ ন্যায়ালয়ত অন্য অধিবক্তাৰ দৰে উপস্থিত হয় তেওঁ। অধিবক্তাগৰাকীয়ে উচ্চ ন্যায়ালয়ত উপস্থিত হৈ কয়, অধিবক্তা পেচালৈ আহিলেও তেওঁ ত্যাগ নকৰে ৰাজনৈতিক জীৱন। তেওঁ আশা, ২০২১ চনত বিজেপিৰ হৈ বিধাসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

আনহাতে এইবাৰৰ নিৰ্বাচনত তেজপুৰৰ সমষ্টিত কিয় প্ৰচাৰ নচলালে বুলি সাংবাদিকে সুধা প্ৰশ্ন শৰ্মাই কয়, দলে বিচাৰ নাছিল বাবে তেওঁ প্ৰচাৰৰপৰা আঁতৰি আছিল। লগতে তেওঁ কয় যে তেজপুৰত প্ৰচাৰ নচলালেও পল্লৱলোচৰ বিৰোধিতা তেওঁ কৰা নাই।

আনহাতে দেশৰ প্ৰধানমন্ত্ৰী কোন হ’ব বুলি সুধা প্ৰশ্ন উত্তৰত শৰ্মাই কয় পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোডী। ইফালে সাংবাদিকৰ আগত তেওঁ কয় অসমতো বিজেপি ফলাফল ভাল হ’ব, গুৱাহাটীৰ লোকসভাৰ বিজেপিৰ প্ৰাৰ্থীৰ কুইন ওজা হৈ তেওঁ প্ৰচাৰ চলোৱা বুলিও জানিব দিয়ে।