গুৱাহাটীঃ ৰাজ্যৰ চাহ উদ্যোগ বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কলৰ বাবে এক দুঃখবৰ। গুৱাহাটী চাহ নিলাম কেন্দ্ৰত চাহৰ নিলাম মূল্য হ্ৰাস পাবলৈ ধৰিছে। একেদৰে নিলামকৃত চাহৰ পৰিমাণো হ্ৰাস পাবলৈ ধৰিছে।
এই কথা সদৰী কৰি গুৱাহাটী টী অক্সন বায়াৰ্ছ এছ’চিয়েচনৰ সচিবে সংবাদ মাধ্যমক জনোৱা অনুসৰি যোৱা বছৰৰ মে’তকৈ চলিত বৰ্ষৰ এই একে সময়ছোৱাত ৯.৭৫ টকা কম দামত প্ৰতি কিলোগ্ৰাম চাহ নিলাম হয়।
এই হিচাপত এইবাৰ গড় হিচাপত প্ৰতি কিলোগ্ৰাম চাহ ১৪৩.৪৮ টকাত বিক্ৰী হয়। স্বাভাৱিকতে ইয়ে ৰাজ্যৰ বিভিন্ন সমস্যা জৰ্জৰিত অগণন ক্ষুদ্ৰ চাহ কৃষকক হতাশ কৰি তুলিব পাৰে।
টী অক্সন বায়াৰ্ছ এছ’চিয়েচনৰ সচিবে লগতে জনোৱা অনুসৰি সম্প্ৰতি শালমাৰী বাগিচাৰ চাহ সৰ্বাধিক ৩৫১ টকা(প্ৰতি কিলোগ্ৰাম)ত বিক্ৰী হোৱাৰ বিপৰীতে লুকাহৰ চাহ সৰ্বনিম্ন ২২৭ টকাত বিক্ৰী হৈ আছে। আনহাতে, যোৱা তিনি-চাৰি মে’ত ৮০,২৫৯ পেকেত চাহৰ নিলামৰ ব্যৱস্থা কৰা হয় যদিও ইয়াৰে ৬৩ শতাংশহে বিক্ৰী হয়।
লক্ষ্যণীয় চলিত বৰ্ষৰ পৰা দেশ ভিত্তিক চাহৰ নিলাম হৈছে। অৰ্থাৎ দেশৰ মুঠ ছটা চাহ নিলাম কেন্দ্ৰ( কলকাতা, শিলিগুৰি, গুৱাহাটী, কোঁচি, কইম্বাটোৰ আৰু কনৰ’)ৰ যিকোনো এটাত পঞ্জীয়ন কৰিলেই ক্ৰেতাই সকলো নিলাম কেন্দ্ৰৰ নিলামত অংশ ল’ব পৰা হৈছে।
যোৱা বছৰৰ লৈকে এই ব্যৱস্থা নাছিল। ইয়ে চাহ নিলাম কেন্দ্ৰৰ সৈতে জড়িত হৈ জীৱিকা অৰ্জন কৰি থকা একাংশৰ ক্ষতি কৰা বুলি চৰ্চিত হৈ আছে।