ডিজিটেল ডেস্কঃ  জীৱনৰ প্ৰকৃত জ্ঞান দিয়া, শিষ্টাচাৰ শিকোৱা, ভাল বেয়াৰ শিক্ষা দিয়া শিক্ষাগুৰুৱে নিজেই যদি পাহৰি যায় নিজৰ কৰ্তব্য, তেতিয়া শিক্ষা গুৰুকেই শিকাব কোনে। শ্ৰেণী কোঠাত হাই কাজিয়া ,মাৰ-পিট আদি হ’লে গুৰুৱে তাৰ মিমাংসা কৰিব লাগে, কিন্তু গুৰুৱেই যদি মাৰ পিট কৰে ছাত্ৰ ছাত্ৰীৰ সৈতে৷

বৃহস্পতিবাৰে ৰাজস্থানত সংঘটিত  হয় তেনে এক ঘটনা৷ পাঠদান চলি থকাৰ সময়তে সামান্যতম ভূলৰ বাবে শিক্ষকে বেয়াকৈ শাস্তি দিয়ে এজন ছাত্ৰক৷ সপ্তম শ্ৰেণী ছাত্ৰ জনে পিছত বহা বন্ধুক ঘুৰি চোৱাৰ বাবেই শিক্ষকে ডাষ্টাৰেৰে মাৰি মুৰ ফালি পেলাই।

 বেয়াকৈ আঘাতপ্ৰাপ্ত ছাত্ৰ জনে মুৰত কেইবাটাও চিলাই পৰে৷ আঘাট পোৱা পিছতো পৰিয়ালৰ কাৰোৰে সৈতে যোগাযোগ নকৰে বিদ্যালয় কৰ্তৃপক্ষই৷ সেয়ে সমস্ত ঘটনাৰ বাবে শিক্ষক জনৰ বিৰুদ্ধে ছাত্ৰজনৰ পিতৃয়ে আৰক্ষীৰ ওচৰত গোচৰ তৰে৷

উল্লেখ্য যে, ৰাজস্থানৰ ব্যক্তিগত খণ্ডৰ এই বিদ্যালয় খনত শ্ৰেণী কোঠাতো বাদেই শিক্ষক নথকা সময়তো অলপ কথা কলেই শাস্তি প্ৰদান কৰা হয়৷