বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী চকীৰ অন্তৰ্গত মান্দাকাটা হাইস্কুলত চলি থকা ছয়মাহিলী পৰীক্ষাৰ মাজতে নিৰীক্ষকৰ হাতত প্ৰহৃত আৰু বহিঃস্কৃত এজন ছাত্ৰ আজি পুৱা পাহাৰৰ ঘন জংঘলৰ মাজত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হয়।
এই ঘটনাক কেন্দ্ৰ কৰি বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে চেপা উত্তেজনাৰ সৃষ্টি হৈছে। শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিৰ এখন বিদ্যালয়ত এনেধৰণৰ ঘটনা পোহৰলৈ অহাত হতভম্ব হৈ পৰিছে অঞ্চলবাসী ৰাইজ।
প্ৰাপ্ত তথ্য মতে বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত কুমনগৰৰ চন্দ্ৰধৰ বড়োৰ পুত্ৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ নয়নমণি বড়ো(১৪)য়ে মঙলবাৰে আগবেলা বিজ্ঞান বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হৈ থকা সময়তে নিৰীক্ষকৰ দায়িত্বত থকা এজন শিক্ষকে অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত শাৰীৰিক ভাৱে প্ৰহাৰ কৰে। শাস্তি প্ৰদানতে শান্ত নাথাকি ছাত্ৰজনক পৰীক্ষা গৃহৰ পৰা বহিস্কাৰ কৰে।
বিদ্যালয়ৰ তৰফৰ পৰা ছাত্ৰজনৰ অভিভাৱক খবৰ দিয়ে যদিও অভিভাৱক গৈ নাপাওতেই ছাত্ৰজনক বিদ্যালয়ৰ পৰা উলিয়াই দিয়া হয়। পিছত ছাত্ৰজন নিখোজ হৈ পৰে। ছাত্ৰজন নিখোজৰ পিছত গাঁৱৰ যুৱকসকলে নিৰন্তৰ সন্ধান কৰে যদিও কালি দোভাগ নিশালৈ কোনো ধৰণৰ শুংসূত্ৰ পাবলৈ সমৰ্থ নহ'ল।
পিছত আজি পুৱা প্ৰায় ৭.৩০ বজাত অতি সংকটজনক আৰু অচেতন অৱস্থাত উক্ত অঞ্চলটোৰ বৰ নিজৰা পাহাৰত ছাত্ৰজন উদ্ধাৰ হয়। ছাত্ৰজনক চিকিৎসাৰ বাবে বাইহাটা চাৰিআলিৰ ব্যক্তিগত চিকিৎসাললৈ অনা হয় যদিও প্ৰয়োজনীয় উন্নত চিকিৎসাৰ বাবে তোলাৰাম বাফনা কামৰূপ জিলা অসমাৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে।
ঘটনাৰ পিছত কুমননগৰৰ উত্তেজিত বহু সংখ্যক মহিলাই প্ৰচণ্ড বৰষুণকো নেওচি পথত অৱস্থান গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পৰৱৰ্তী সময়ত বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰাত পৰিস্থিতি অৱনতি ঘটাৰ পৰা ৰক্ষা পৰে।
সভাৰ অন্ততঃ ছাত্ৰজনৰ চিকিৎসাৰ সমস্ত ব্যয় বিদ্যালয় কৰ্তৃপক্ষই বহন কৰাৰ লগতে এনে ঘটনাৰ পুনৰবাৰ নোহোৱাৰ স্বাৰ্থত শীঘ্ৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লোৱা হয়। কিন্তু বিদ্যালয় কৰ্তৃপক্ষই শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰি স-সন্মানে মুক্ত কৰি দিয়া কাৰ্য্যক সহজভাৱে ল'ব পৰা নাই । এনে কাৰণত বিষয়টো সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে।