মিছামাৰীঃ চৰকাৰে প্ৰাথমিক শিক্ষাক অধিক ফলপ্ৰসূ কৰাৰ বাবে বিদ্যালয় সমুহত মধ্যাহ্ন ভোজন , গুণগত শিক্ষা ব্যৱস্থাকে আদি কৰি বিভিন্ন অভিলাসী আঁচনি গ্ৰহণ কৰাৰ সময়ত এইখন ৰাজ্যৰ এখন বিদ্যালয়ত কণ কণ ছাত্ৰ - ছাত্ৰীয়ে মুকলি আকাশৰ তলত শিক্ষা গ্ৰহণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷

অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী মিছামাৰী অঞ্চলৰ স্পৰ্শকাতৰ ঠাইত অৱস্থিত বেঙেনাজুলী প্ৰাথমিক বিদ্যালয়ৰ মূধচৰ টিনপাত  যোৱা এক এপ্ৰিলৰ নিশা ধুমুহাই উৰুৱাই লৈ যায় । লোৰ মাৰলিসহ টিনপাত ধুমুহাই উৰুৱাই নিয়াৰ পাছদিনা বিদ্যালয় কৰ্তৃপক্ষই স্থানীয় গাঁওবুঢ়াৰ জৰিয়তে ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ত খবৰ দিয়াৰ উপৰি বিভাগীয় কাৰ্যালয় আৰু স্থানীয় বিজেপি কৰ্মীৰ জৰিয়তে বিধায়ক অশোক সিংহলক পৃথকে বিদ্যালয়খনৰ দুৰৱস্থা সন্দৰ্ভত অৱগত কৰে।

খবৰ পোৱাৰ পাছত সকলোৱে ধুমুহাত ক্ষতিগ্ৰস্ত বিদ্যালয়খনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’লে যদিও বিদ্যালয়খনৰ টিনপাত ধুমুহাই উৰুৱাই নিয়া ডেৰ মাহৰ পাছতো বিদ্যালয়খনত টিনপাত নালাগিল। ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু বৃহত্তৰ মিছামাৰী অঞ্চলৰ স্পৰ্শকাতৰ ঠাইত অৱস্থিত বিদ্যালয়খনৰ শিক্ষকসকলে সমস্যাৰ মাজেৰে ছাত্ৰী-ছাত্ৰীসকলক পাঠদান কৰি আহিছে যদিও তেওঁলোকৰ প্ৰতি ভ্ৰূক্ষেপ দিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা বিধায়ক , চৰকাৰ কাৰোৰে তিলমানো সঁহাৰি নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

২০০৮ চনত সৰ্বশিক্ষা অভিযান মিছনৰ আবণ্টিত ধনেৰে নিৰ্মিত বিদ্যালয়খনৰ ভৱনটোৰ টিনপাত সহ লোৰ মাৰুলি মাত্র আঠ বছৰতে বতাহে উৰুৱাই নিয়াৰ মূল কাৰণ হ’ল ভৱনটোৰ খুঁটাবোৰত লোৰ মাৰিবোৰ ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা লোৰ সামগ্ৰী নিম্নমানৰ আছিল । প্ৰথমমানৰ পৰা পঞ্চমমানলৈ বিদ্যালয়খনত মুঠ ছাত্ৰ - ছাত্ৰী আছে ১৬১ গৰাকী আৰু ইয়াৰ বিপৰীতে শিক্ষক আছে দুগৰাকী । ইফালে প্ৰধান শিক্ষক ৰীথে বিশ্বকৰ্মাই ৰোগীয়া দেহাৰে বিদ্যালয়ত পাঠদান আগবঢ়াই আহিছে ।