অপুৰ্ব বৰা, তেজপুৰঃ সোমবাৰে বিয়লি তেজপুৰত উদ্ধাৰ কৰা হয় এটা মৃতদেহৰ৷
মিলনপুৰ চুবুৰীৰ নিৱাসী শৰৎ শইকীয়া নামৰ এজন কৃষকৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে৷ গাঁৱৰ ওচৰৰে এটা জানত পৰি অকাল মৃত্যুক সাৱতি ল'য় শৰৎ শইকীয়াই৷
জানিব পৰা মতে শৰৎ শইকীয়া নামৰ লোকজনে বিমল পথাৰত কঠিয়া তুলিবলৈ গৈ বিমল নামৰ জানত বাগৰি পৰে। লোকজন বিমলজানৰ বাঢ়নি পানীত ডুব যায়।ফলত লোকজনৰ মৃত্যু হয়। স্থানীয় ৰাইজে মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীৰ জৰিয়তে মৰোনোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা কৰিছে।