ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছত ভাৰতৰ মহিলা টেনিচ দলে ছিংগাপুৰক হৰুৱাই সোণৰ মেডেল লাভ কৰি ইতিহাস সৃষ্টি কৰে৷ ইয়াৰ দ্বাৰা ভাৰতলৈ সপ্তমটো সোণৰ মেডেল আনিলে টেবুল টেনিচ খেলুৱৈয়ে৷ ভাৰতে মুঠ পদ লাভ কৰে ১২টা৷ 

ভাৰতৰ মহিলা টেনিচ দলে ইংলণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছিল৷ ফাইনেল খেল খন ছিংগাপুৰৰ সৈতে অনুষ্ঠিত হৈছিল যদিও ধৰাশয়ী হয় ছিংগাপুৰ দল৷ এই মেডেল লাভ কৰে মণিকা বট্ৰাৰ বাবে৷ ১১-০৭, ১১-০৪ আৰু ১১-০৭ত মণিকাই সোণৰ মেডেল আজুৰি আনে৷

মৌমা দাস, মধুৰিকা পাটকাৰ আৰু মণিকা বাট্ৰাই এই খিতাপ অৰ্জন কৰে৷ চূড়ান্ত খল খন ভাৰত আৰু ছিংগাপুৰৰ মাজত অনুষ্ঠিত হৈছিল৷ ১-১ আছিল মেচ খন৷

মৌমা দাস, মধুৰিকাই যুটীয়ে দ্বৈত মেচত ছিংগাপুৰৰ হিয়ান আৰু মেঞ্জুয়ুৰ বিৰুদ্ধে দুটা গেমত জয়ী হয় যদিও তৃতীয় গেমত পৰাজয় বৰণ কৰে৷ তাৰ পিছতেই ২-১ সীমাবদ্ধ মেচ খন মণিকা বাট্ৰাৰ ওপৰত দায়িত্ব পৰিছিল৷

আনহাতে ভাৰত্তোলনত বিকাশ ঠাকুৰে ব্ৰঞ্জৰ মেডেল লাভ কৰে৷ ৯৪ কেজিত এই মেডেল লাভ কৰে বিকাশে৷