newsnextone.com | ডিজিটেল ডেস্কঃ পবিত্ৰ ৰমজান ঈদৰ ব্যপক উছাহ-উদ্দীপনাৰ মাজতে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ বিগত ডেৰ মাহ ধৰি ইটোৰ-পিছত সিটো সন্ত্ৰাসবাদী আক্ৰমণে জম্মু-কাশ্মীৰৰ পৰিৱেশ অশান্ত কৰি তুলিছে৷ যাৰ ফলত শনিবাৰে ইছলাম ধৰ্মালম্বীৰ ধৰ্মীয় উৎসৱ ঈদ পালনৰ মাজতে জম্মু-কাশ্মীৰবাসী পুনৰ এবাৰ মৃত্যুৰ আশংকাত ভূগিছে৷
জম্মু-কাশ্মীৰত প্ৰায় একেৰাহে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হোৱাত জম্মু-কাশ্মীৰত পৰিস্থিতি বিষময় হৈ পৰা পৰিলক্ষিত হৈছে৷
পবিত্ৰ ৰমজান মাহ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ কিন্তু ৰাজ্যখনত এটাৰ পিছত এটাকৈ সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণে ৰাজ্যখনত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে৷ বৃহস্পতিবাৰে জম্মুৰ শ্ৰীনগৰৰ বান্দিপোৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে শুকুৰবাৰে পুনৰ সন্ত্ৰাসবাদীৰ এটা দলে শ্ৰীনগৰ আৰক্ষী শিবিৰলৈ লক্ষ্য কৰি আক্ৰমণ চলায়৷ এই আক্ৰমণত দুগৰাকী আৰক্ষী জোৱান আৰু এগৰাকী স্থানীয় লোক গুৰুতৰভাৱে আহত হয়৷
ইয়াৰ পিছতে পবিত্ৰ ঈদৰ দিনখনো জম্মু-কাশ্মীৰৰ চিআৰপিএফৰ ২৯ নং বেটেলিয়ানৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়৷ জানিব পৰা মতে, এজন সন্ত্ৰাসবাদীয়ে শনিবাৰে দুপৰীয়া ২৯ নং বেটেলিয়ানলৈ লক্ষ্য কৰি অতৰ্কিত গুলি বৰ্ষণ কৰে৷ যাৰ ফলত এজন চিআৰপিএফ জোৱান আহত হয়৷ ইয়াৰ পিছতে শ্ৰীনগৰৰ পন্থা চৌকত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে৷
আনফালে ঈদৰ দিনাও শত্ৰুৰাষ্ট্ৰ পাকিস্তানে শনিবাৰে পুৱাই ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলিচালনা কৰে৷ যাৰ ফলত এজন সেনা জোৱান নিহত হয়৷