anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে পহৰা দি থকা চিআৰপিএফ দলক আক্ৰমণ কাণ্ড সংঘটিত কৰাৰ খবৰ আহিছে। কাশ্মীৰৰ অনন্তনাগত গ্ৰেনেড আক্ৰমণ কৰি বেংকৰ পৰা ধন লুটি নিয়াৰ চেষ্টা কৰে সন্ত্ৰাসবাদীয়ে। চিআৰপিএফৰ বাবে এই চেষ্টা বিফল হয়। 

অনন্তনাগৰ লাল চকৰ ষ্টেট বেংকৰ শাখাত আক্ৰমণ কৰে। আক্ৰমণত দুগৰাকী চিআৰপিএফৰ জোৱান আহত হয়। ঘটনা সংঘটিত হোৱাৰ পিছতে অভিযান অব্যাহত ৰাখিছে সেনাই। 

আনহাতে শুকুৰবাৰে পুৱাই চপিয়াৰত সেনাৰে সংঘৰ্ষ লাগে সন্ত্ৰাসবাদীৰ। চপিয়াৰত সন্ত্ৰাসবাদীৰ দল এটা থিতাপি লৈ থকা বুলি অৱগত হৈ সমগ্ৰ এলেকা ঘেৰি লৈ নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই। অভিযানত কালত নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলিবৰ্ষণ কৰে। সেনাই প্ৰত্যুত্তৰ দিয়াত অস্ত্ৰ সহ দুগৰাকী সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ হয়।